এইবাৰ গুৱাহাটীত আৰ্বিভাৱ ‘ৰাণু মণ্ডল’ৰ, গুণগুণালে ‘তেৰী মেৰী’...

News18-Assam
Updated:November 26, 2019, 6:17 PM IST
এইবাৰ গুৱাহাটীত আৰ্বিভাৱ ‘ৰাণু মণ্ডল’ৰ, গুণগুণালে ‘তেৰী মেৰী’...
‘সেই ৰাণু’ জনপ্ৰিয় হোৱাৰ পিছত এতিয়া ‘এই ৰাণু’ ৰ চমক। মুহূৰ্তৰ ভিতৰতে ভাইৰেল ভিডিঅ’

‘সেই ৰাণু’ জনপ্ৰিয় হোৱাৰ পিছত এতিয়া ‘এই ৰাণু’ ৰ চমক। মুহূৰ্তৰ ভিতৰতে ভাইৰেল ভিডিঅ’

  • Share this:
ৰাণু মণ্ডলকনো এতিয়া কোনে চিনি নাপায়? সকলোৰে মুখে মুখে এতিয়া ৰাণুকলৈয়ে চৰ্চা। ষ্টেচনৰ পৰা বলীউদৰ ছবিত গীত গোৱালৈকে ৰাণু মণ্ডলৰ যেন কাহিনী কৈ থাকিলেও শেষেই নহ’ব! আকৌ মাজে মাজে অনুৰাগীক দুৰ্ব্যৱহাৰ, সাংবাদিকৰ প্ৰশ্নক ভেঙুচালি, অনুৰাগীয়ে ছেলফী উঠিবলৈ আহিলে গুৰুত্ব নিদিয়া, এইবোৰটো আছেই! মানে এতিয়া ইণ্টাৰনেটৰ অন্যতম ছেনছেচন ৰাণু মণ্ডল।

ৰাণু মণ্ডলক লৈ চৰ্চা চলি থকাৰ সময়তে এইবাৰ গুৱাহাটীত আৰ্বিভাৱ হৈছে অন্য এগৰাকী ৰাণু মণ্ডলৰ। মালিগাওঁৰ এজন যুৱকে আবিষ্কাৰ কৰিছে এইগৰাকী ‘ৰাণু মণ্ডল’ক। দেখাতো প্ৰায় একেই, গীতো গাইছে ‘তেৰী মেৰী কাহিনী’ । অৰূপ বৈশ্য নামৰ যুৱকজনে ছচিয়েল মিডিয়াত ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পিছতে এতিয়া ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

চাওক ভিডিঅ’



আৰু চাওক
পৰৱৰ্তী বাতৰি