এইবাৰ ৰাণু মণ্ডলৰ ওপৰত নিৰ্মাণ হ’ব বায়’পিক, অভিনয় কৰিব এইগৰাকী সুন্দৰী অভিনেত্ৰীয়ে

ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ই নিশাটোৰ ভিতৰতে তাৰকালৈ পৰিণত কৰিলে ৰাণু মণ্ডলক।

News18-Assam
Updated:September 26, 2019, 5:04 PM IST
এইবাৰ ৰাণু মণ্ডলৰ ওপৰত নিৰ্মাণ হ’ব বায়’পিক, অভিনয় কৰিব এইগৰাকী সুন্দৰী অভিনেত্ৰীয়ে
ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ই নিশাটোৰ ভিতৰতে তাৰকালৈ পৰিণত কৰিলে ৰাণু মণ্ডলক।
News18-Assam
Updated: September 26, 2019, 5:04 PM IST
প্ৰতিভাই কাক ক’লৈ লৈ যাব পাৰে তাৰ উৎকৃষ্ট উদাহৰণ ৰাণু মণ্ডল। ৰে’ল ষ্টেচনত গীত গাই পেটৰ ক্ষুধা নিবাৰণ কৰা ৰাণু মণ্ডল আজি তাৰকা। ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ই নিশাটোৰ ভিতৰতে তাৰকালৈ পৰিণত কৰিলে ৰাণু মণ্ডলক। হিমেশ ৰেশামিয়াৰ সহায়ত ইতিমধ্যে ৰাণু মণ্ডলে বলীউদতো প্ৰৱেশ কৰিছে। ৰাণুক মানুহে ইমানেই পছন্দ কৰিছে যে এতিয়া ৰাণুৰ ওপৰত নিৰ্মাণ হ’ব বায়’পিক। এই বায়’পিকখনত ৰাণু মণ্ডলৰ চৰিত্ৰ ৰূপায়ণৰ বাবে এগৰাকী জনপ্ৰিয় অভিনেত্ৰীক অফাৰ দিয়া হৈছে।

ইণ্ডিয়া টাইম্ছৰ ৰিপ’ৰ্ট অনুসৰি, ৰাণুৰ জীৱনৰ ওপৰত ছবি নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। ছবি পৰিচালক আৰু প্ৰযোজক ঋষিকেশ মণ্ডলে ৰাণু মণ্ডলৰ ওপৰত নিৰ্মাণ কৰিব পাৰে বায়’পিক। ইয়াৰ লগতে ছবিখনত কোনগৰাকী অভিনেত্ৰীয়ে অভিনয় কৰিব সেয়াও নিশ্চিত কৰা হৈছে। দাক্ষিণাত্য আৰু বাংলা ছবিৰ জনপ্ৰিয় অভিনেত্ৰী সুদীপ্তা চক্ৰৱৰ্তীক এই চৰিত্ৰটো অফাৰ কৰা হৈছে।



এক সংবাদ প্ৰতিষ্ঠানৰ সৈতে বাৰ্তালাপত সুদীপ্তা চক্ৰৱৰ্তীয়ে কয় যে মোক ছবিখনৰ বাবে অফাৰ দিয়া হৈছে। অৱশ্যে এতিয়া ছবিখনৰ স্ক্ৰীপ্ট পোৱা নাই। স্ক্ৰীপ্ট পঢ়াৰ পিছতহে মই ঠিক কৰিম মই এই ছবিখনত কাম কৰিম নে নকৰিম।



জানিব পৰা মতে, পৰিচালক ঋষিকেষ মণ্ডলে ৰাণুৰ জীৱনৰ সৈতে জড়িত প্ৰতিটো বিষয়ৰ ওপৰত তথ্য লোৱা আৰম্ভ কৰিছে। ৰাণুৰ জীয়ৰীকো সাক্ষাৎ কৰিছে পৰিচালকগৰাকীয়ে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি