ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিয়া! ছচিয়েল মিডিয়াত ভাইৰেল বিয়াৰ কাৰ্ড!

শেহতীয়াকৈ ছচিলেয় মিডিয়াত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিয়াৰ এখন ভুৱা কাৰ্ড ভাইৰেল হৈছে। অত্যন্ত নিম্নমানৰ ডিজাইনৰ কাৰ্ডখনৰ মতে বিয়াৰ স্থান উল্লেখ কৰা হৈছে যোধপুৰস্থিত উমেদ ভৱন। কাৰ্ডখনত উল্লেখ আছে ঋষি কাপুৰ, নীতু কাপুৰৰ নাম।

News18-Assam
Updated:October 22, 2019, 4:25 PM IST
ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিয়া! ছচিয়েল মিডিয়াত ভাইৰেল বিয়াৰ কাৰ্ড!
শেহতীয়াকৈ ছচিলেয় মিডিয়াত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিয়াৰ এখন ভুৱা কাৰ্ড ভাইৰেল হৈছে। অত্যন্ত নিম্নমানৰ ডিজাইনৰ কাৰ্ডখনৰ মতে বিয়াৰ স্থান উল্লেখ কৰা হৈছে যোধপুৰস্থিত উমেদ ভৱন। কাৰ্ডখনত উল্লেখ আছে ঋষি কাপুৰ, নীতু কাপুৰৰ নাম।
News18-Assam
Updated: October 22, 2019, 4:25 PM IST
বলীউদৰ তাৰকাসকলৰ বিয়া বুলি ক’লে স্বাভাৱিকতে ব্যাপক চৰ্চা লাভ কৰে। বিভিন্ন সময়ত তাৰকাসকলক লৈ বিভিন্ন উৰাবাতৰিও বিয়পি পৰে। শেহতীয়াকৈ ছচিয়েল মিডিয়াত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিয়াক লৈ চলিছে ব্যাপক চৰ্চা। দুয়োৰে বিয়াৰ কাৰ্ড ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। ইমানেই নহয়, কাৰ্ডত উল্লেখ কৰা হৈছে বিয়াৰ তাৰিখো।

আচলতে, শেহতীয়াকৈ ছচিলেয় মিডিয়াত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিয়াৰ এখন ভুৱা কাৰ্ড ভাইৰেল হৈছে। অত্যন্ত নিম্নমানৰ ডিজাইনৰ কাৰ্ডখনৰ মতে বিয়াৰ তাৰিখ ২০২০ চনৰ ২২ জানুৱাৰী। বিয়াৰ স্থান উল্লেখ কৰা হৈছে যোধপুৰস্থিত উমেদ ভৱন। কাৰ্ডখনত উল্লেখ আছে ঋষি কাপুৰ, নীতু কাপুৰৰ নাম।

কাৰ্ডখন যে এখন ভুৱা কাৰ্ড সেয়া প্ৰমাণিত হৈছে। কিয়নো কাৰ্ডখনত মহেশ ভাটৰ সলনি লিখা আছে মুকেশ ভাটৰ নাম। অৰ্থাৎ আলিয়া ভাটক মুকেশ ভাটৰ কন্যা হিচাপে উল্লেখ কৰা হৈছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল কাৰ্ডখনত আলিয়া ভাটৰ নামো ভুলকৈ লিখা হৈছে। ইফালে, ‘22nd’ জানুৱাৰীৰ সলনি লিখা হৈছে '22th' জানুৱাৰী।



উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি আলিয়া আৰু ৰণবীৰৰ সম্পৰ্কক লৈ চৰ্চা চলি আহিছে যদিও এতিয়ালৈ ৰণবীৰ–আলিয়াই কোনোধৰণৰ মন্তব্য কৰা নাই। দুয়োৰে পৰিয়ালৰ লোকেও এতিয়ালৈ কোনোধৰণৰ নিশ্চিতি দিয়া নাই। এনে অৱস্থাত আলিয়া–ৰণবীৰৰ বিয়াৰ খবৰ বা ভাইৰেল হোৱা বিয়াৰ কাৰ্ড নিশ্চয়কৈ ভুৱাই হ’ব। অৱশ্যে আলিয়া–ৰণবীৰৰ বিয়াৰ বাবে অনুৰাগীসকলে নিশ্চিতভাৱে অপেক্ষা কৰিছে।

এয়াও চাওক : কাপোৰ নিপিন্ধাকৈ খাদ্য প্ৰস্তুত কৰি লাখ টকা উপাৰ্জন কৰিছে এইগৰাকী ইউটিউবাৰে!

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি