অক্ষয় কুমাৰক ছবিখনত মুখ্য চৰিত্ৰত অৰ্থাৎ পৃথ্বীৰাজ চৌহানৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। মানুসী ছিল্লাৰে ছবিখনত পৃথ্বীৰাজ চৌহানৰ পত্নী সংযুক্তাৰ চৰিত্ৰত অভিনয় কৰিব।
অক্ষয় কুমাৰক ছবিখনত মুখ্য চৰিত্ৰত অৰ্থাৎ পৃথ্বীৰাজ চৌহানৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। মানুসী ছিল্লাৰে ছবিখনত পৃথ্বীৰাজ চৌহানৰ পত্নী সংযুক্তাৰ চৰিত্ৰত অভিনয় কৰিব।
বলীউদৰ 'খিলাড়ী' অক্ষয় কুমাৰৰ (Akshay Kumar) ছবি 'পৃথ্বীৰাজ'ক লৈ (Prithviraj)আৰম্ভ হৈছে ব্যাপক চৰ্চা। নাম ঘোষণা হোৱাৰ পিছৰে পৰা এই ছবিখনে দখল কৰি আহিছে সংবাদ শিৰোনাম। অক্ষয় কুমাৰৰ এই ছবিখন মহান ৰজা ৰাজপুত পৃথ্বীৰাজ চৌহানৰ জীৱনৰ ওপৰত আধাৰিত।
এই ছবিখনত বলীউদত খোজ পেলোৱা মিছ ৱৰ্ল্ড মানুসী ছিল্লাৰেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। কিন্তু ছবিখনৰ মুক্তিৰ পূৰ্বেই আৰম্ভ হৈছে ছবিৰ নামকৰণক লৈ তৰ্ক-বিৰ্তক। আনকি এনে পৰ্যায় পাইছেগৈ যে ছবিখনৰ বিৰুদ্ধে একাংশ সংগঠনে আৰম্ভ কৰিছে প্ৰতিবাদ। উল্লেখ্য যে, কৰ্নী সেনাই অলপতে ছবিখনৰ নামকলৈ আপত্তি দৰ্শাইছে। লগতে অল ইণ্ডিয়া ক্ষত্ৰীয় মহাসভাও নাৰাজ ছবিখনৰ নামকলৈ।
সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, বৃহস্পতিবাৰে চণ্ডীগড়ত ক্ষত্ৰীয় মহাসভাৰ নেতৃত্বই ছবিখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। ছবিখনৰ বিৰুদ্ধে শ্ল'গান দিয়াৰ লগতে আৰু অক্ষয় কুমাৰৰ পুত্তলিকাও দাহ কৰিছিল সংগঠনটোৱে।
এই সন্দৰ্ভত প্ৰতিবাদকাৰী সকলে কয় যে, 'ছবিখনৰ নাম হ'ব লাগে 'হিন্দু সম্ৰাট পৃথ্বীৰাজ চৌহান' বা 'সম্ৰাট পৃথ্বী ৰাজ চৌহান'। তেওঁলোকে কয় যে ছবিখনৰ নাম কেৱল 'পৃথ্বীৰাজ' হ'ব নালাগে। তদুপৰি, সংগঠনটোৰ লোকসকলৰ দাবী যে, ছবিখন মুক্তিৰ পূৰ্বে ক্ষত্ৰীয় আৰু ৰাজপুত সম্প্ৰদায়ৰ প্ৰতিনিধিসকলৰ সমুখত ছবিৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিব লাগে।
তেওঁলোকে লগতে কয় যে, 'যদি এনে নহয়, তেন্তে এই ছবিখনৰ বিৰুদ্ধেও প্ৰতিবাদ হ'ব। যেনেদৰে 'পদ্মাৱত' আৰু যোধা আকবৰৰ দৰে চলচ্চিত্ৰ মুক্তিৰ সময়ত কৰা হৈছিল। উল্লেখ্য যে, অক্ষয় কুমাৰক ছবিখনত মুখ্য চৰিত্ৰত অৰ্থাৎ পৃথ্বীৰাজ চৌহানৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। মানুসী ছিল্লাৰে ছবিখনত পৃথ্বীৰাজ চৌহানৰ পত্নী সংযুক্তাৰ চৰিত্ৰত অভিনয় কৰিব। চলচ্চিত্ৰখনৰ পৰিচালনা চন্দ্ৰপ্ৰকাশ দ্বিবেদীৰ আৰু প্ৰযোজনা কৰিছে আদিত্য চোপ্ৰাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|