প্ৰিয়ংকাৰ 'Met Gala Look' হৈ পৰিল হাঁহিয়াতৰ পাত্ৰ, মাতৃ মধু চোপ্ৰাই ক’লে– যদি সন্মুখত থাকিলে হয়...

প্ৰিয়ংকাৰ ৱাইন ৰঙৰ এটা গাউন আৰু হেয়াৰ ষ্টাইল দেখি মানুহৰ হজম নহ’ল, অদ্ভুত ষ্টাইলৰ বাবে অচিনাকী হৈ পৰিল চিনাকী চেহেৰা

Dulu Medhi | news18assam
Updated:May 9, 2019, 10:01 AM IST
প্ৰিয়ংকাৰ 'Met Gala Look' হৈ পৰিল হাঁহিয়াতৰ পাত্ৰ, মাতৃ মধু চোপ্ৰাই ক’লে– যদি সন্মুখত থাকিলে হয়...
প্ৰিয়ংকাৰ মাতৃ মধু চোপ্ৰাই তেওঁৰ সমৰ্থন কৰি প্ৰিয়ংকাক এই ৰূপৰ বাবে ভূয়সী প্ৰশংসা কৰিলে।
Dulu Medhi | news18assam
Updated: May 9, 2019, 10:01 AM IST
ছচিয়েল মিডিয়াৰ বাবে সদায়ে চৰ্চাৰ কেন্দ্ৰবিন্দু হয় থাকে বলীউড অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। কিন্তু এইবাৰ কোনো ছবি বা কোনো মন্তব্যৰ বাবে নহয়। প্ৰিয়ংকা এইবাৰ বিতৰ্কৰ মাজত আছে নিউয়ৰ্কত অনুষ্ঠিত মেট গালা ২০১৯ত দিয়া নিজৰ লুকৰ বাবে। ছচিয়েল মিডিয়াত প্ৰিয়ংকা এই ৰূপৰ বাবে যথেষ্ট ট্ৰল হ’ল। ইয়ৰ পিছতে প্ৰিয়ংকাৰ মাতৃ মধু চোপ্ৰাই তেওঁৰ সমৰ্থন কৰি প্ৰিয়ংকাক এই ৰূপৰ বাবে ভূয়সী প্ৰশংসা কৰিলে।

কিছুদিন পূৰ্বে এক সাক্ষাৎকাৰৰ জৰিয়তে প্ৰিয়ংকাৰ মাতৃ মধু চোপ্ৰাই কৈছিল যে মোৰ কন্যা মোৰ সন্মুখত থাকিলে জোৰকৈ মৰমত সাৱটি ধৰিলো হয়। মোৰ কন্যাক বহুত ধুনীয়া আৰু ব্যতিক্ৰম দেখা হৈছিল। তেওঁ ক’লে যে মই যেতিয়াই প্ৰিয়ংকাৰ ফটো দেখিছিলো মই লগে লগে তাইক ফোন কৰিছিলো।

আচলতে, প্ৰিয়ংকাৰ ৱাইন ৰঙৰ এটা গাউন আৰু হেয়াৰ ষ্টাইল দেখি মানুহৰ হজম নহ’ল, অদ্ভুত ষ্টাইলৰ বাবে অচিনাকী হৈ পৰিল চিনাকী চেহেৰা।



নিউয়ৰ্কত এই ইভেণ্টত নিক আৰু প্ৰিয়ংকাক মেচিং হোৱাইট আৰু ছিলভাৰ ৰঙৰ কাপোৰত দেখা গৈছিল। প্ৰিয়ংকাই Dior ব্ৰেণ্ডৰ বস্ত্ৰ পৰিধান কৰিছিল। থাই হাই শ্লিটৰ ৰূপালী ৰঙৰ ড্ৰেছে প্ৰিয়ংকাক সুন্দৰ কৰি তুলিছিল। কিন্তু প্ৰিয়ংকাৰ চুলিৰ ষ্টাইলে লগালে জগৰ। হেয়াৰ ষ্টাইলিছে প্ৰিয়ংকাৰ চুলি ‘আফ্ৰিকান কাৰ্ল’ হেয়াৰ ষ্টাইলেৰে সজায়। এই হেয়াৰ ষ্টাইলৰ সৈতে প্ৰিয়ংকাই মূৰত এটা ক্ৰাউনো পিন্ধিছিল। থীম হিচাপে এই ৰূপ যদিও পাৰফেক্ট কিন্তু আমাৰ দৰ্শকৰ দৃষ্টিত বিদ্যুতৰ শ্বৰ্ট দেহত লাগিলেহে চুলিয়ে এনে আকাৰ লয়।

জানি–বুজি তৈয়াৰ কৰা হয় এই ডিজাইন
প্ৰিয়ংকা চোপ্ৰাৰ লুক ডিজাইন কৰা Dior–এ এয়া নিজৰ জয় বুলি মানি লৈছে, কাৰণ 'Met Gala' এখন চেৰেটী ইভেণ্ট, য’ত ডিজাইনাৰে ব্ৰেণ্ড চেলিব্ৰেটীক নিজৰ কাপোৰ পিন্ধাই। এই ইভেণ্টত জানি–বুজিয়ে এনেকুৱা ধৰণৰ ডিজাইন তৈয়াৰ কৰা হয়।



বিগত বছৰত প্ৰিয়ংকাৰ ড্ৰেছে এই ইভেণ্টত যথেষ্ট প্ৰশংসা বুটলিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি