‘ছাহো’ৰ টিজাৰ মুকলি, প্ৰভাশ আৰু শ্ৰদ্ধা কাপুৰৰ ব্যতিক্ৰমী ৰূপ

Telugu Film 'Sahoo' Teaser Released In Hindi, Check Movie Release Date: শ্ৰদ্ধা কাপুৰ আৰু প্ৰভাশৰ ‘ছাহো’ মুক্তি পাব ২০১৯ৰ ১৫ আগষ্টত।

Dulu Medhi | news18assam
Updated:June 13, 2019, 3:54 PM IST
‘ছাহো’ৰ টিজাৰ মুকলি, প্ৰভাশ আৰু শ্ৰদ্ধা কাপুৰৰ ব্যতিক্ৰমী ৰূপ
Telugu Film 'Sahoo' Teaser Released In Hindi, Check Movie Release Date: শ্ৰদ্ধা কাপুৰ আৰু প্ৰভাশৰ ‘ছাহো’ মুক্তি পাব ২০১৯ৰ ১৫ আগষ্টত।
Dulu Medhi | news18assam
Updated: June 13, 2019, 3:54 PM IST
প্ৰভাশ আৰু শ্ৰদ্ধা কাপুৰৰ ছবি ‘ছাহো’ৰ টিজাৰ মুকলি। ট্ৰেইলৰ দেখিয়েই বুজিব পাৰি যে ছবিখনত দেখা পোৱা যাব প্ৰভাশ আৰু শ্ৰদ্ধা কাপুৰৰ ৰোমাঞ্চকৰ একচন। ট্ৰেইলৰৰ আৰম্ভণিতে শ্ৰদ্ধা আৰু প্ৰভাশক দেখা পোৱা যায়। কিন্তু বাকী দৃশ্যাংশত দেখা পোৱা গৈছে প্ৰভাশৰ একচন, জেকী শ্ৰফ আৰু নীল নিতিন মুকেশৰ ব্যতিক্ৰমী ৰূপ। অনুৰাগীয়ে ছবিখনৰ পোষ্টাৰ দেখাৰ পিছত টিজাৰ মুকলি হোৱাৰ অপেক্ষাত আছিল। এই ছবিখনৰ পোষ্টাৰ ইতিমধ্যে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল সকলোৰে বাবে। কিন্তু আন এটা বিশেষ কাৰণত আলোচনাৰ মাজত সোমাই পৰিছে ছবিখন। আচলতে সংগীত ব্যৱস্থাপক শংকৰ, এহছান, লয়ে কোনো কাৰণ প্ৰকাশ নকৰাকৈ ছবিখনৰ কাম নকৰে বুলি ঘোষণা কৰিছিল।

তেওঁলোকৰ সিদ্ধান্তৰ ঘোষণা ছচিয়েল মিডিয়াৰ জৰিয়তে কৰিছিল। তেওঁলোকে লিখিছিল, আমি ক’বলৈ বিচাৰিছো যে শংকৰ, এহছান, লয়ে ‘ছাহো’ৰ বাবে সংগীত ব্যৱস্থাপনৰ কাম নকৰে। আমাৰ তৰফৰ পৰা প্ৰভাশ, সুজিত সিং, বামছী, প্ৰমোদ আৰু শ্যামক শুভকামনা যাঁচিলো।

এই ছবিখন হিন্দী, তামিল আৰু তেলেগু এই ৩টা ভাষাত শ্বুটিং কৰা হৈছে। ‘ছাহো’ত প্ৰভাশ আৰু শ্ৰদ্ধা কাপুৰৰ উপৰিও নীল নিতিন মুকেশ, জেকী শ্ৰফ, মন্দিৰা বেদী, মহেশ মাঞ্জৰেকৰ, চাংকী পাণ্ডে, অৰুণ বিজয় আৰু মুৰলী শৰ্মাকো ব্যতিক্ৰমী চৰিত্ৰত দেখা পোৱা যাব।



‘ছাহো’ৰ মুক্তিৰ দিন
চলিত বৰ্ষৰ ১৫ আগষ্টত মুক্তি পাব এই ছবিখন। বাহুবলীৰ পিছত প্ৰভাশৰ এই ছবিখনৰ অপেক্ষাত আছে সমগ্ৰ দেশবাসী। এই ছবিখনত প্ৰভাশৰ ব্যতিক্ৰমী একচন ৰূপ দেখিবলৈ পাব। লগতে প্ৰথমবাৰৰ বাবে শ্ৰদ্ধা আৰু প্ৰভাশৰ যুটিয়ো দেখা পাব এই ছবিখনত।
আৰু চাওক পৰৱৰ্তী বাতৰি