உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • সংসাৰ ভাঙিব নেকি দীপিকাৰ? ৰণবীৰৰ প্ৰেমত পৰিছে দক্ষিণৰ নায়িকা! নিজ মুখে যি ক'লে পূজা হেগড়েই...

    সংসাৰ ভাঙিব নেকি দীপিকাৰ? ৰণবীৰৰ প্ৰেমত পৰিছে দক্ষিণৰ নায়িকা! নিজ মুখে যি ক'লে পূজা হেগড়েই...

    এইবাৰ ৰণবীৰ সিঙৰ সৈতে যুঁটি বান্ধিছে পূজা হেগড়েই। ছবিৰ নাম চাৰ্কাচ। পৰিচালনা কৰিছে ৰোহিত শেট্টীয়ে।

    এইবাৰ ৰণবীৰ সিঙৰ সৈতে যুঁটি বান্ধিছে পূজা হেগড়েই। ছবিৰ নাম চাৰ্কাচ। পৰিচালনা কৰিছে ৰোহিত শেট্টীয়ে।

    এইবাৰ ৰণবীৰ সিঙৰ সৈতে যুঁটি বান্ধিছে পূজা হেগড়েই। ছবিৰ নাম চাৰ্কাচ। পৰিচালনা কৰিছে ৰোহিত শেট্টীয়ে।

    • Share this:
    দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী পূজা হেগড়েৰ সৈতে কি সম্পৰ্ক দীপিকা পাডুকনৰ স্বামী তথা জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙৰ। এটা সাক্ষাৎকাৰত নিজে এই সন্দৰ্ভত মন্তব্য কৰিছে পূজাই। কোৰোণাৰ দ্বিতীয় ঢৌৰ পূৰ্বে বহুকেইখন ছবিত শ্বুটিং কৰিলে অভিনেত্ৰীগৰাকীয়ে। এইবাৰ ৰণবীৰ সিঙৰ সৈতে যুঁটি বান্ধিছে পূজা হেগড়েই। ছবিৰ নাম চাৰ্কাচ। পৰিচালনা কৰিছে ৰোহিত শেট্টীয়ে।

    TOI-ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে চাৰ্কাচ ছবিৰ সন্দৰ্ভত কিছু মন্তব্য কৰে। ছবিখনত অভিনেত্ৰীগৰাকীৰ বিপৰীতে অভিনয় কৰিছে ৰণবীৰ সিঙে। ছবিখনৰ শ্বুটিঙৰ কিছু কথাৰ প্ৰসংগত অভিনেত্ৰীগৰাকীয়ে কয় যে, 'ছবিখনত অভিনয় কৰাৰ সময়ত এবাৰো মনলৈ অহা নাছিল যে, আমি কোনো ছবিত অভিনয় কৰি আছিলো। কাৰণ, চিনেমাৰ ছেটত আমি ইমানেই ফুৰ্তি কৰিলো যেন আমি কোনোবা পাৰ্টীতহে আছিলো। আচলতে ছবিখনৰ ছেট অসাধাৰণ আছিল।'

    ইয়াৰ পিছতে পূজাই ছবিখনৰ নায়ক ৰণবীৰৰ সন্দৰ্ভত কিছু কথা কয়। প্ৰথমেই পূজাই কয় যে, 'তেওঁ যদি ৰণবীৰৰ পৰা কিবা লবলৈ বিচাৰে, তেন্তে সেয়া হব ৰণবীৰৰ শক্তি আৰু পৰ্যবেক্ষণ ক্ষমতা। আচলতে অবিনেতাজন তীক্ষ্ণ বুদ্ধি সম্পন্ন এজন মানুহ, যি সকলো মনত ৰাখিব পাৰে। মই খুব কম কথা কও, ৰণবীৰৰ সম্পূৰ্ণ বিপৰীত। ৰণবীৰৰ সৈতে কাম কৰি অত্যন্ত ভাল লাগিল। ৰিল লাইফত হলেও এবাৰ তেওঁৰ প্ৰেমিকা হ'ব পাৰিলো।'

    পূজা হেগড়েক দক্ষিণৰ ছবি Ala Vaikunthapurramulooত শেষবাৰলৈ দেখা গৈছিল। অভিনেত্ৰীগৰাকীক Most Eligible Bachelor, Radhe Shyam, Acharya, Cirkus আৰু Thalapathy 65 ছবিত দেখিবলৈ পোৱা যাব।
    Published by:Himangshu Bhuyan
    First published: