অভিনেতা নহয়, চিভিল ইঞ্জিনিয়াৰ হোৱাৰ মন আছিল পৰেশ ৰাৱালৰ!

বিশিষ্ট অভিনেতা পৰেশ ৰাৱালৰ আজি ৬৪ সংখ্যক জন্মদিন। ১৯৮৪ চনত অভিনেতাজনে ‘হলি’ ছবিৰ জৰিয়তে বলিউডত প্ৰৱেশ কৰিছিল।

news18assam
Updated:May 30, 2019, 10:25 AM IST
অভিনেতা নহয়, চিভিল ইঞ্জিনিয়াৰ হোৱাৰ মন আছিল পৰেশ ৰাৱালৰ!
বিশিষ্ট অভিনেতা পৰেশ ৰাৱালৰ আজি ৬৪ সংখ্যক জন্মদিন। ১৯৮৪ চনত অভিনেতাজনে ‘হলি’ ছবিৰ জৰিয়তে বলিউডত প্ৰৱেশ কৰিছিল।
news18assam
Updated: May 30, 2019, 10:25 AM IST
বলিউডৰ কমেডী কিং ৰূপে জনাজাত পৰেশ ৰাৱালে নিজৰ দুৰ্দান্ত অভিনয়েৰে ইতিমধ্যে বলিউডত এখন সুকীয়া আসন দখল কৰিছে। কেৱল কমেডীয়েই নহয়, ভিলেইনৰ চৰিত্ৰটো দুৰ্দান্ত অভিনয় কৰে পৰেশ ৰাৱালে। ১৯৫০ চনৰ ৩০ মে’৸ত মুম্বাইত জন্ম লাভ কৰা অভিনেতা পৰেশ ৰাৱালে কিন্তু অভিনেতা হিচাপে নহয়, এজন চিভিল ইঞ্জিনিয়াৰ হিচাপেহে নিজক প্ৰতিষ্ঠা কৰিব বিচাৰিছিল!



পৰেশ ৰাৱালে মুম্বাইৰ ‘Narsee Monjee College of Commerce and Economics’ ৰ পৰা নিজৰ পঢ়া শেষ কৰি, বহুত দিন চাকৰি বিচাৰি সংঘৰ্ষ কৰিব লগীয়া হৈছিল। আজি যি পৰ্যায়ত অভিনেতা জন আছে, ইয়াৰ বাবে তেওঁ যথেষ্ট কষ্ট কৰিব লগীয়া হৈছিল বুলি মন্তব্য কৰে অভিনেতা জনে। ১৯৭৯ চনৰ মিছ ইণ্ডিয়া স্বৰূপ সম্পতৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় পৰেশ ৰাৱাল।



পৰেশ ৰাৱালে ১৯৮৪ চনত বলিউডত অভিষেক ঘটায়। নিজৰ প্ৰথমখন ছবি ‘হ’লী’ত এটা সৰু চৰিত্ৰ ৰূপায়ন কৰা পৰেশ ৰাৱালে তাৰপিছত এবাৰো পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। ১৯৯৪ চনত পৰেশ ৰাৱালক নেচনেল ফিল্ম এৱাৰ্ডেৰে সন্মানীত কৰা হয়। চৰ্দাৰ বল্লৱ ভাই পেটেলৰ জীৱনৰ আধাৰত পৰিচালক কেটন মেহতাৰ নিৰ্মাণ কৰা ছবি ‘সৰদাৰ’ ছবিখনত পৰেশ ৰাৱালে বল্লৱ ভাই পেটেলৰ  চৰিত্ৰত অভিনয় কৰিছিল। ৯০ দশকৰ শেষ ভাগলৈ বহুকেইখন হিন্দী ছবিত ভিলেইনৰ চৰিত্ৰত অভিনয় কৰা পৰেশ ৰাৱালে ২০০০ চনত ‘হেৰা–ফেৰী’ ছবিত কৰা দুৰ্দান্ত অভিনয়ৰ বাবে ফিল্ম ফেয়াৰ বেষ্ট কমেডিয়ান বটা লাভ কৰে।



হিন্দী ছবিলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ২০১৪ চনত পৰেশ ৰাৱালক পদ্মশ্ৰী সন্মানেৰে সন্মানীত কৰা হয়। ১৯৮৪ চনৰ পৰা অভিনয় কৰি অহা পৰেশ ৰাৱালে সঞ্জয় দত্তৰ জীৱনৰ আধাৰত নিৰ্মিত ছবিখনত সুনীল দত্তৰ চৰিত্ৰত অভিনয় কৰাৰ লগতে ‘ওৰি’ ছবিত কৰা দুৰ্দান্ত অভিনয়ৰ বাবে চলচিত্ৰ সমালোচকৰ পৰা উচ্চ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল।



পিছত ২০১৪ চনত পৰেশ ৰাৱালে গুজৰাটৰ আহমেদাবাদ সমষ্টিৰ পৰা বিজেপিৰ সাংসদ হিচাপে নিৰ্বাচিত হয়। কিন্তু অভিনয় কৰি থকাৰ বাবে নিজৰ সমষ্টিত সময় দিব নোৱাৰি এইবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দীতা কৰাৰ পৰা বিৰত থাকে পৰেশ ৰাৱাল।
আৰু চাওক পৰৱৰ্তী বাতৰি