নিকাহৰ দিনা প্ৰিয়ংকা চোপ্ৰাক নকল কৰি ট্ৰ’ল হ’ল পাকিস্তানী অভিনেত্ৰী

News18 Assam | News18-Assam
Updated:January 1, 2020, 2:42 PM IST
নিকাহৰ দিনা প্ৰিয়ংকা চোপ্ৰাক নকল কৰি ট্ৰ’ল হ’ল পাকিস্তানী অভিনেত্ৰী
প্ৰিয়ংকা চোপ্ৰাক বহুতে অনুকৰণ কৰা দেখা যায়। নিজৰ বিয়াৰ দিনা ৰঙা ৰঙৰ পোছাক পৰিধান কৰি বহুতকে মোহিবলৈ সক্ষম হৈছিল প্ৰিয়ংকা চোপ্ৰা

প্ৰিয়ংকা চোপ্ৰাক বহুতে অনুকৰণ কৰা দেখা যায়। নিজৰ বিয়াৰ দিনা ৰঙা ৰঙৰ পোছাক পৰিধান কৰি বহুতকে মোহিবলৈ সক্ষম হৈছিল প্ৰিয়ংকা চোপ্ৰা

  • Share this:
বলীউদৰ ‘দেশী গাৰ্ল’ খ্যাত প্ৰিয়ংকা চোপ্ৰা যোৱা বছৰ নিক জোনাছৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। সম্পূৰ্ণ হিন্দু ধৰ্মীয় ৰীতি–নীতিৰ মাজেৰে হোৱা বিয়াত প্ৰিয়ংকা চোপ্ৰাই পৰিধান কৰা ৰঙা ৰঙৰ পোছাকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত বহুত অভিনেত্ৰীয়ে প্ৰিয়ংকাৰ সেই পোছাকক অনুকৰণ কৰাও দেখিবলৈ পোৱা গৈছিল। কিন্তু নিজৰ নিকাহৰ দিনা প্ৰিয়ংকা চোপ্ৰাক অনুকৰণ কৰি ছচিয়েল মিডিয়াত এতিয়া ব্যাপক ভাবে ট্ৰ’ল হ’ল পাকিস্তানৰ এগৰাকী অভিনেত্ৰী।

পাকিস্তানী অভিনেত্ৰী ইকৰা আজীজৰ কেইদিনমান পূৰ্বে প্ৰেমিক য়াছিৰ হুচেইনে সৈতে নিকাহ হয়। নিকাহৰ দিনা অভিনেত্ৰীগৰাকীয়ে পিন্ধা পোছাকৰ বাবে এতিয়া ছচিয়েল মিডিয়াত ট্ৰ’লৰ সন্মুখীন হৈছে। কাৰণ নিকাহৰ দিনা প্ৰিয়ংকা চোপ্ৰাৰ পোছাক নকল কৰি পৰিধান কৰে পাকিস্তানী অভিনেত্ৰীগৰাকীয়ে।

আৰু চাওক
পৰৱৰ্তী বাতৰি