உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Birthday Special : লিমকাৰ বিজ্ঞাপন আৰু বাজিগৰ চিনেমাৰে কেৰিয়াৰৰ পাতনি মেলা ফিটনেছ কুইন শিল্পা চেট্টীয়ে কাৰ প্ৰেমত পৰিছিল ? জানো আহক শিল্পাৰ বহু অকথিত কাহিনী...

    Birthday Special : লিমকাৰ বিজ্ঞাপন আৰু বাজিগৰ চিনেমাৰে কেৰিয়াৰৰ পাতনি মেলা ফিটনেছ কুইন শিল্পা চেট্টীয়ে কাৰ প্ৰেমত পৰিছিল ? জানো আহক শিল্পাৰ বহু অকথিত কাহিনী...

    বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীৰ আজি ওপজা দিন । জন্মদিনত অনুৰাগীৰ শুভকামনাৰে ভৰি পৰিছে শিল্পাৰ ছ'চিয়েল মিডিয়া একাউন্ট ।

    বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীৰ আজি ওপজা দিন । জন্মদিনত অনুৰাগীৰ শুভকামনাৰে ভৰি পৰিছে শিল্পাৰ ছ'চিয়েল মিডিয়া একাউন্ট ।

    বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীৰ আজি ওপজা দিন । জন্মদিনত অনুৰাগীৰ শুভকামনাৰে ভৰি পৰিছে শিল্পাৰ ছ'চিয়েল মিডিয়া একাউন্ট ।

    • Share this:
    বলীউডৰ ফিটনেছ কুইন শিল্পা চেট্টীৰ আজি ওপজা দিন । ৪৬ বছৰত ভৰি মোহময়ী অভিনেত্ৰীগৰাকীয়ে । জন্মদিনত অনুৰাগীৰ শুভকামনাৰে ভৰি পৰিছে শিল্পাৰ ছ'চিয়েল মিডিয়া একাউন্ট । ৪৬ বছৰ বয়সতো আজিও নিজৰ যৌৱন ধৰি ৰাখিছে শিল্পাই, বিগত কেইবাবছৰ ধৰি কৰি অহা যোগাভ্যাসৰে ফচল এয়া । ১৯৭৫ চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল শিল্পাই । সৰুৰে পৰা এগৰাকী অভিনেত্ৰী হোৱাৰ সপোন দেখা শিল্পাই দশম উত্তীৰ্ণ হোৱাৰ পিছতে মডেলিঙৰ জগতত খোজ দিছিল। আজিৰ এই জন্মদিন বিশেষত জানো আহক শিল্পাৰ বিষয়ে ১০টা নজনা কথা -

    ১. শিল্পা চেট্টীয়ে লিমকা বিজ্ঞাপনেৰে কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ১৯৯৩ চনত বাজিগৰ ছবিৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে ।

    ২. শিল্পা চেট্টীয়ে নৃত্যৰ লগতে ৰন্ধন আৰু যোগাভ্যাস ভাল পায়। শিল্পাই ৰন্ধাৰ লগতে খাবলৈও খুব ভাল পায়। ভাজি ৰুটি, কৰ্ণ পুলাও, চিকেন বিৰিয়ানী, দক্ষিণ ভাৰতীয় খাদ্য, পানীপুৰী, উপমা আৰু ইডলি আদি শিল্পাৰ প্ৰিয় খাদ্য ।

    ৩. সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, শিল্পাই এবাৰ কৈছিল যে তেওঁ গাড়ী চলাবলৈ ভয় কৰে, যাৰ বাবে তেওঁ সদায় এজন ড্ৰাইভাৰ লগত লৈ যায়।

    ৪. শিল্পা চেট্টীৰ উচ্চতা হৈছে ৫ ফুট ১০ ইঞ্চি । বলীউডৰ আটাইতকৈ ওখ অভিনেত্ৰীসকলৰ ভিতৰত তেওঁ অন্যতম ।

    ৫. বলীউডত খুব কম তাৰকা আছে, যাৰ ব্যক্তিগত জেট আছে । শিল্পা আৰু ৰাজ কুন্দ্ৰাক এনে তাৰকাসকলৰ ভিতৰত গণ্য কৰা হয়। শিল্পা চেট্টীয়ে ভিন্ন সময়ত ব্যক্তিগত জেটৰ সৈতে ফটো আৰু ভিডিঅ' শ্বেয়াৰ কৰা দেখা গৈছিল ।

    ৬. 'কাৰাটে'ত ব্লেক বেল্ট লাভ কৰিছিল শিল্পা চেট্টীয়ে । নিজৰ ফিটনেছক লৈ যথেষ্ট সক্ৰিয় হৈ থাকে অভিনেত্ৰীগৰাকী ।

    ৭. ৯০ ৰ দশকত শিল্পা চেট্টী আৰু অক্ষয় কুমাৰৰ মাজৰ সম্পৰ্কৰ বাতৰিবোৰ চৰ্চাত আছিল । তেওঁৰ বিষয়ে এনে সম্পৰ্কৰ বাতৰি প্ৰকাশ কৰাৰ বাবে এখন আলোচনীৰ বিৰুদ্ধে গোচৰও ৰুজু কৰিছিল শিল্পাই ।

    ৮. শিল্পা চেট্টীয়ে 'পৰদেশী বাবু' ছবিত কৰা দুৰ্দান্ত অভিনয়ৰ বাবে শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ 'জি বলীউড সোণৰ বঁটা' লাভ কৰিছিল ।

    ৯. মাতৃভাষা 'টুলু'ৰ লগতে হিন্দী, ইংৰাজী, কানাড়া, মাৰাঠী, গুজৰাটী, তামিল, তেলেগু আৰু উৰ্দুৰো জ্ঞান আছে শিল্পাৰ ।

    ১০. হলীউডৰ ৰিয়েলিটি শ্ব' বিগ ব্ৰাদাৰতো বিজয়ী হৈছিল শিল্পা। সম্প্ৰতি শিল্পাই এটা ৰিয়েলিটি শ্ব'ৰ বিচাৰকৰ দায়িত্বত আছে আৰু "হাংগামা ২" ছবিৰ জৰিয়তে পুনৰ ডাঙৰ পৰ্দালৈ ঘূৰি আহিবলৈ সাজু হৈছে অভিনেত্ৰীগৰাকী ।
    Published by:Kokil Sarma
    First published: