টুইটাৰত সৃষ্টি হৈছে এটা নতুন ট্ৰেণ্ড - ‘the ’90s kids would know’, ইয়াত নানা ধৰণৰ ফটো, ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে। ইয়াতেই আকৌ চৰ্চালৈ আহিছে অভিনেত্ৰী বিপাশা বসুৰ এখন পুৰণি ফটো। ফটোখনত দেখা গৈছে যে, ৰোণাল্ডোৱে চুম্বন কৰিছিল বিপাশা বসুক... আৰু তাৰ পিছৰ পৰাই সৰ্বত্ৰ শ্বেয়াৰ হৈছে এই ফটোখন।
২০০৭ চনৰ এটা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল বিপাশা বসুৱে। অনুষ্ঠানত উপস্থিত আছিল তাৰকা ফুটবলাৰ ৰণাল্ডো। আৰু অনুষ্ঠানৰ মাজতে হঠাত্ বিপাশাক চুম্বন কৰিছিল ৰণাল্ডোৱে। সেইসময়ত এই ঘটনাই সোমাই পৰিছিল বিতৰ্কৰ নামত। এতিয়া পুনৰ ভাইৰেল হৈছে এই পুৰণি ফটো।
ইফালে সেইসময়ত জন আব্ৰাহামৰ সৈতে দীৰ্ঘদিন লিভ ইন ৰিলেশ্যনত আছিল বিপাশা বসু! আৰু ঘটনাৰ পিছতে হৈছিল ব্ৰেকআপ! আৰু তাৰ পিছতে অভিনেত্ৰী বিপাশা প্ৰেমত পৰে কৰণ সিং গ্ৰোভৰৰ সৈতে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|