অনুৰাগ কাশ্যপৰ জনপ্ৰিয় ছবি ‘গেংছৰ অৱ ৱাছিপুৰ’ ত গাইছিল গান
অনুৰাগ কাশ্যপৰ জনপ্ৰিয় ছবি ‘গেংছৰ অৱ ৱাছিপুৰ’ ত গাইছিল গান
এতিয়া ৰাণু মণ্ডলক লৈ সমগ্ৰ দেশতে চলিছে চৰ্চা। হিমেশ ৰেশমীয়াৰ ছবিত গীত গাই এতিয়া বলীউডত সকলোৰে মুখে মুখে ৰাণু মণ্ডলৰ নাম। ৰে’ল ষ্টেচনত গীত গাই বলীউডত খোজ দিয়াৰ সুবিধা পোৱা ৰাণু কিন্তু প্ৰথম নহয়, ৰাণু মণ্ডলৰ পূৰ্বেও এগৰাকী যুৱতীয়ে পাইছিল বলীউডৰ ছবিত গীত গোৱাৰ সুবিধা।
ইয়াৰ পূৰ্বে পৰিচালক অনুৰাগ কাশ্যপে নিজৰ ছবিত গীত গোৱাৰ সুবিধা দিছিল ৰে’ল ষ্টেচনত গীত গাই ফুৰা যুৱতীক। পৰিচালক জনৰ জনপ্ৰিয় ছবি ‘গেংছৰ অৱ ৱাছিপুৰ’ৰ ‘Dil Chi Cha Ledar’ গীতটো যথেষ্ট জনপ্ৰিয় হৈছিল। এই গীতটোত কণ্ঠদান কৰিছিল মুম্বাইৰ ছায়ন ষ্টেচনত গীত গাই ফুৰা দুৰ্গা নামৰ এগৰাকী ১৬ বছৰীয়া ছোৱালীয়ে। দুৰ্গাৰ ঘৰ অন্ধ্ৰপ্ৰদেশত। নিজৰ পৰিয়ালক পোহ পাল দিয়াৰ উদ্দেশ্যে ৰে’ল ,ষ্টেচনত গীত গাই ফুৰে দুৰ্গাই।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|