ঘৰলৈ মাতি কি কৰিছিল কাষ্টিং ডিৰেক্টৰে? তিক্ত অভিজ্ঞতাৰ কথা শ্বেয়াৰ কৰি আবেগিক হৈ পৰিল নুৰা ফাতেহী

News18 Assam | News18-Assam
Updated:January 7, 2021, 10:48 PM IST
ঘৰলৈ মাতি কি কৰিছিল কাষ্টিং ডিৰেক্টৰে? তিক্ত অভিজ্ঞতাৰ কথা শ্বেয়াৰ কৰি আবেগিক হৈ পৰিল নুৰা ফাতেহী
কানাডাৰ পৰা যেতিয়া ভাৰতলৈ আহিছিল, তেতিয়া কাৰোৰে সৈতে চিনা-পৰিচয় নাছিল নুৰা ফাতেহীৰ। সেই সময়তে এগৰাকী কাষ্টিং ডিৰেক্টৰৰ সৈতে এক তিক্ত অভিজ্ঞতা হৈছিল অভিনেত্ৰীগৰাকীৰ।

কানাডাৰ পৰা যেতিয়া ভাৰতলৈ আহিছিল, তেতিয়া কাৰোৰে সৈতে চিনা-পৰিচয় নাছিল নুৰা ফাতেহীৰ। সেই সময়তে এগৰাকী কাষ্টিং ডিৰেক্টৰৰ সৈতে এক তিক্ত অভিজ্ঞতা হৈছিল অভিনেত্ৰীগৰাকীৰ।

  • Share this:
বহুতৰ বাবে সপোনৰ ৰাণী নুৰা ফাহেতীয়ে শ্বেয়াৰ কৰিছে এক তিক্ত অভিজ্ঞতাৰ কথা। কানাডাৰ পৰা যেতিয়া ভাৰতলৈ আহিছিল, তেতিয়া কাৰোৰে সৈতে চিনা-পৰিচয় নাছিল নুৰা ফাতেহীৰ। সেই সময়তে এগৰাকী কাষ্টিং ডিৰেক্টৰৰ সৈতে এক তিক্ত অভিজ্ঞতা হৈছিল অভিনেত্ৰীগৰাকীৰ। আৰু তেতিয়াই অভিনেত্ৰীগৰাকীয়ে ভাবিছিল যে, তেওঁ ভাৰত এৰি নিজ দেশলৈ উভতি যাব।

অভিনেত্ৰীগৰাকীয়ে কৰীণা কাপুৰৰ শ্বুত এই অভিজ্ঞতাৰ কথা শ্বেয়াৰ কৰিছে। অভিনেত্ৰীগৰাকীয়ে জনাইছে যে, এজন কাষ্টিং ডিৰেক্টৰে ঘৰলৈ মানি নিছিল নুৰাক। কিন্তু  কাষ্টিং ডিৰেক্টৰ জনৰ নাম প্ৰকাশ কৰাৰ পৰা বিতৰত থাকে অভিনেত্ৰীগৰাকী।

অভিনেত্ৰীগৰাকীয়ে কয় যে, ‘ভাৰতলৈ অহাৰ পিছত এজন কাষ্টিং ডিৰেক্টৰক লগ কৰিছিলো। তেওঁ এনে ধৰণৰ ব্যৱহাৰ কৰিছিল যে, মই আকৌ নিজৰ দেশলৈ উভতি যাম বুলি ভাবিছিলো। লোকজনে নুৰাক কৈছিল যে,‘তোমাক আমাৰ দৰকাৰ নাই। তোমাৰ কোনো প্ৰতিভা নাই।’

এই ব্যৱহাৰত মৰ্মাহত হৈ পৰিছিল নুৰা ফাতেহী। কিন্তু পিছত এদিন কাষ্টিং ডিৰেক্টৰ জনে নুৰাক নিজ ঘৰলৈ মাতি পঠিয়াই আৰু ছবিত অভিনয়ৰ সুযোগ দিয়া হ’ব বুলি নৈশ যাপন কৰিবলৈ প্ৰস্তাৱ দিয়ে। কিন্তু এই প্ৰস্তাৱ অভিনেত্ৰীগৰাকীয়ে লগে লগে নাকচ কৰি সেই ঠাই পৰিত্যাগ কৰে। আৰু তাৰ পিছৰে পৰা সেইজন কাষ্টিং ডিৰেক্টৰৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক ৰখা নাই অভিনেত্ৰীগৰাকীয়ে।

তাৰ পিছত ভাগ্য পৰিৱৰ্তন হ’ল নুৰা ফাতেহীৰ। মানুহৰ মাজত চিনাকী হ’বলৈ বেছি দিন অপেক্ষা কৰিবলগীয়া নহ’ল অভিনেত্ৰীগৰাকীয়ে।
Published by: Himangshu Bhuyan
First published: January 7, 2021, 8:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading