• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • নিতিন গাডকাৰীয়ে মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বায়’পিকৰ নতুন পোষ্টাৰ

নিতিন গাডকাৰীয়ে মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বায়’পিকৰ নতুন পোষ্টাৰ

৭ জানুৱাৰীৰ পৰা পিছলি পিছলি এতিয়া ২৪ মে’ত ৰিলিজ হ’ব ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী’

৭ জানুৱাৰীৰ পৰা পিছলি পিছলি এতিয়া ২৪ মে’ত ৰিলিজ হ’ব ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী’

৭ জানুৱাৰীৰ পৰা পিছলি পিছলি এতিয়া ২৪ মে’ত ৰিলিজ হ’ব ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী’

  • Share this:
নৰেন্দ্ৰ মোদীৰ জীৱনৰ ওপৰত আধাৰিত বায়’পিক ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী’ ছবিখন নিৰ্বাচনী আচৰণ বিধি বলবৎ আছিল বাবে মুকলি কৰিব অনুমতি প্ৰদান কৰা নাছিল। অভিনেতা বিবেক অৱৰয়ক এই ছবিখনত প্ৰধানমন্ত্ৰীৰ চৰিত্ৰত দেখা পোৱা যাব। নিৰ্মাতাসকলে এই ছবিখন মুকলি কৰিবলৈ যৎপৰোনাষ্টি চেষ্টা চলাইছিল কিন্তু উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী আয়োগৰ অনুমোদনৰ পিছত এই ছবিখন নিষিদ্ধ কৰোৱা হৈছিল। এতিয়া লোকসভা নিৰ্বাচনৰ ফলাফলৰ এদিন পিছতে অৰ্থাৎ ২৪ মে’ মুকলি কৰি দিয়া হ’ব এই ছবিখন।

উচ্চতম ন্যায়ালয় আৰু নিৰ্বাচনী আয়োগে স্পষ্ট কৰি দিছিল যে কোনো নেতাৰ জীৱনভিত্তিক ছবিয়ে নিৰ্বাচনী পৰিৱেশত প্ৰভাৱ পেলাব পাৰে আৰু লোকসভা নিৰ্বাচনৰ সময়ত এই ছবিসমূহ মুকলি কৰি দিয়া নহ’ব। এই নিৰ্দেশৰ পিছতে এই ছবিখন নিষিদ্ধ কৰা হৈছিল।

সমস্যাত ভুগিছিল এই ছবিখনে
ছবিখন মুকলি হোৱা তাৰিখ সন্দৰ্ভত যথেষ্ট সাল–সলনি হৈছিল। কেইবাবাৰো এই ছবিখনৰ ৰিলিজ ডেট সলনি কৰা হৈছিল। এই সমস্যাসমূহৰ বাবে ছবিখনৰ নিৰ্মাতা সন্দীপ সিঙে ছবিখনৰ প্ৰম’চনৰ কাম নতুনকৈ আৰম্ভ কৰিছে।

ছবিখনৰ নিৰ্মাতা সন্দীপ সিং আৰু অভিনেতা বিবেক অৱৰয়ে ক’লে যে যদি ছবিখন মুকলি হোৱা তাৰিখ ভালদৰে প্ৰম’চন কৰা নহয় তেতিয়াহ’লে দৰ্শক এই ক্ষেত্ৰত যথেষ্ট বিমোৰত পৰিব।

অভিনেতা বিবেক অৱৰয়ে এই ছবিখন প্ৰধানমন্ত্ৰীৰ চৰিত্ৰ পালন কৰি আছে আৰু আজি ছবিখনৰ নতুন পোষ্টাৰ মুকলি কৰা হ’ব, য’ত উল্লেখ থাকিব ছবিখনৰ মুকলিৰ নতুন দিন।

নিতিন গাডকাৰীয়ে আজি নাগপুৰত নিজ বাসগৃহত বিবেক অৱৰয় আৰু নিৰ্মাতা সন্দীপ সিঙৰ সৈতে পোষ্টাৰখন মুকলি কৰে।
First published: