Naseeruddin Shah Viral comment: বৰ্তমান মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰায়েই ছচিয়েল মিডিয়াত সৰৱ হোৱা দেখা যায় অভিনেতা নাছিৰুদ্দিন শ্বাহক।
Naseeruddin Shah Viral comment: বৰ্তমান মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰায়েই ছচিয়েল মিডিয়াত সৰৱ হোৱা দেখা যায় অভিনেতা নাছিৰুদ্দিন শ্বাহক।
বৰ্তমান মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰায়েই ছচিয়েল মিডিয়াত সৰৱ হোৱা দেখা যায় অভিনেতা নাছিৰুদ্দিন শ্বাহক। অভিনেতাগৰাকীয়ে মন কৰিছে যে, বলীউদৰ তিনি তাৰকা শ্বাহৰুখ খান, ছলমান খান আৰু আমিৰ খানে বিশেষ কাৰণত দেশৰ সামাজিক, ৰাজনৈতিক বিষয়ত কোনো ধৰণৰ মন্তব্য নকৰে। আৰু সেইকাৰণেই তিনিওগৰাকী তাৰকা এতিয়াই টিকি আছে। মোদী চৰকাৰৰ বিৰুদ্ধে কথা কবলৈ ভয় কৰে তিনিওজন খানে।
৭১ বছৰ বয়সীয়া অভিনেতাগৰাকীয়ে সংবাদমাধ্যমৰ আগত কয় যে, 'তেওঁলোকে মনে মনে থাকে, কাৰণ তেওঁলোকৰ ভয়। তেওঁলোকে ভয় কৰাৰ কিছু কাৰণো আছে। কেৱল আৰ্থিক সমস্যাৰে সমাধান হ'ব এনে নহয়। দুই-এটা এনডোৰ্চমেণ্ট হাতৰ পৰা ওলাই যাব, সেই কথাও নহয়। বৰঞ্চ তেওঁলোকৰ প্ৰতিষ্ঠানকে চেপি ধৰাৰ সম্ভাৱনা থাকিব।'
ইয়াৰ পূৰ্বেও নাছিৰুদ্দিন শ্বাহে ভাৰতৰ একাংশ মুছলমান লোকৰ বিৰুদ্ধে সমালোচনাত সৰব হৈছিল। যিসকলে আফগানিস্তানত তালিবানী শাসনক সমৰ্থন কৰিছিল। তেওঁ দাবী কৰিছিল যে, 'দক্ষিণপন্থী মনোভাৱ দুই ধৰ্মৰ মানুহৰ মাজতে বিস্তাৰ কৰে। আৰু ইয়াৰ প্ৰতিবাদ কৰিলেই তাচ্ছিল্য কৰা হয়। কেৱল জাভেদ আখতাৰ বা মই নহয়। দক্ষিণপন্থীৰ বিৰুদ্ধে যিসকলে মতপোষণ কৰিছে, সেইসকলকে অপমান কৰিছে।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|