‘নতুন ষ্টাইলেৰে ভৰপূৰ হৃত্বিক–টাইগাৰৰ ৱাৰ, কিন্তু অভাৱ শক্তিশালী কাহিনীৰ’

ছবিগৃহলৈ আহিল হৃত্বিক ৰোশন আৰু টাইগাৰ শ্ৰুফ অভিনীত ‘ৱাৰ’

News18-Assam
Updated:October 2, 2019, 3:35 PM IST
‘নতুন ষ্টাইলেৰে ভৰপূৰ হৃত্বিক–টাইগাৰৰ ৱাৰ, কিন্তু অভাৱ শক্তিশালী কাহিনীৰ’
Source-Google
News18-Assam
Updated: October 2, 2019, 3:35 PM IST
গান্ধী জয়ন্তী দিনাই সমগ্ৰ দেশ জুৰি মুক্তিলাভ কৰিলে হৃত্বিক ৰোশন আৰু  টাইগাৰ শ্ৰুফ অভিনীত বলীউডৰ বিগ বাজেট ছবি ‘ৱাৰ’। মুক্তিৰ দিনাই ছবিখনে দৰ্শকৰ পৰা লাভ কৰিছে আশাপ্ৰদ সঁহাৰি। নতুন ষ্টাইল, কাৰিকৰী কৌশলেৰে পৰিপূৰ্ণ ‘ৱাৰ’ চাই সন্তুষ্টি লাভ কৰিছে চলচিত্ৰ প্ৰমীয়ে।

দেশৰ বহুকেইজন চলচিত্ৰ সমালোচকে ছবিখনক প্ৰশংসা কৰিলেও, বহু কেইটা দিশত একাংশ চলচিত্ৰ সমালোচকে ছবিখন সমালোচনা কৰাও দেখিবলৈ পোৱা গৈছে। ‘টাইমছ অৱ ইণ্ডিয়া’ই ছবিখনক ৫ ৰ ভিতৰত ৩ পইণ্ট দিছে। নতুনত্বৰে ভৰপূৰ ছবিখনৰ কাহিনী ভাগ শক্তিশালী নহয় বুলি অভিহিত কৰিছে  ‘টাইমছ অৱ ইণ্ডিয়া’ই।



‘Koimoi’ এ ছবিখনক দিছে মাত্ৰ ২ পইণ্ট। কোনো ধৰণৰ নতুনত্ব নথকা ছবিখনে মাত্ৰ হলীউডৰ কিছু ষ্টাইলক কপি কৰিছে বুলি উল্লেখ কৰিছে সংস্থাটোৱে।

‘Bollywood Hungama’ এ ৱাৰ ছবিখনক দিছে সৰ্বাধিক ৫ ৰ ভিতৰত ৪ পইণ্ট। ছবিখনত হৃত্বিকৰ অভিনয়ক প্ৰশংসা কৰিছে সংস্থাটোৱে।

দক্ষিণ ভাৰতৰ আৰু পশ্চিম বংগৰ দুখন বিগ বাজেট ছবিৰ সৈতে ক্লেছ হৈছে ৱাৰৰ।ফলত ব্যৱসায়ত কিছু প্ৰভাৱ পৰা সম্ভাৱনা আছে। তথাপিও ছবিখনে মুক্তিৰ প্ৰথম দিনা ৩০ কোটিৰ ওপৰত ব্যৱসায় কৰিব বুলি অনুমান কৰা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি