প্ৰথম সপ্তাহতে ১০০ কোটিৰ ক্লাবত অন্তৰ্ভুক্ত হোৱাৰ দিছে তানাজী

News18 Assam | News18-Assam
Updated:January 15, 2020, 12:34 PM IST
প্ৰথম সপ্তাহতে ১০০ কোটিৰ ক্লাবত অন্তৰ্ভুক্ত হোৱাৰ দিছে তানাজী
বলীউদৰ অভিনেতা অজয় দেবগণৰ ছবি “তানাজী: দ্য আনছাং ৱাৰিয়ৰে’ ১০ জানুৱাৰীত মুক্তি লাভ কৰে

বলীউদৰ অভিনেতা অজয় দেবগণৰ ছবি “তানাজী: দ্য আনছাং ৱাৰিয়ৰে’ ১০ জানুৱাৰীত মুক্তি লাভ কৰে

  • Share this:
বলীউদৰ অভিনেতা অজয় দেবগণৰ ছবি “তানাজী: দ্য আনছাং ৱাৰিয়ৰে’ ১০ জানুৱাৰীত মুক্তি লাভ কৰে। ছবিখনত অজয়ৰ উপৰি পত্নী কাজলে তানাজীৰ পত্নী সাবিত্ৰীবাই মালছুৰেৰ ভূমিকাত অভিনয় কৰিছে। ছবিখনত ছেইফ আলী খানেও এটি মুখ্য চৰিত্ৰত অভিনয় কৰিছে। মুক্তিৰ পিছতে দৰ্শকে আদৰি লৈছে তানাজী। সবল পৰিচালনা, চিত্ৰনাট্য আৰু অভিনয়ৰ বাবে সকলোৰে একেমুখে প্ৰশংসা কৰিছে ছবিখনক।

মুক্তিৰ প্ৰথম সপ্তাহতে এতিয়া ছবিখনে ১০০ কোটিৰ ক্লাৱত প্ৰৱেশ কৰাৰ দিশে অগ্ৰসৰ হৈছে। মুক্তিৰ প্ৰথম দিনাতকৈও ছবিখনে চতুৰ্থ আৰু পঞ্চম দিনা অধিক ব্যৱসায় কৰিবলৈ সক্ষম হৈছে।

প্ৰথম দিনা ছবিখনে ১৫.১০ কোটি টকা ব্যৱসায় কৰে। সেইদৰে প্ৰথমটো শনিবাৰ আৰু দেওবাৰে ছবিখনে ব্যৱসায় কৰে ক্ৰমে ২০.৫৭ কোটি আৰু ২৬.২৬ কোটি টকা।  সোমবাৰ আৰু মঙলবাৰে অজয় দেৱগণ অভিনীত ছবিখনে ব্যৱসায় কৰে ১৩.৭৫ কোটি আৰু ১৫.২৮ কোটি টকা।
আৰু চাওক
পৰৱৰ্তী বাতৰি