আজি মেগাষ্টাৰ অমিতাভ বচ্চনৰ ওপজা দিন, ৭৭ বছৰ বয়সতো সুস্বাস্থ্যৰ ৰহস্য কি?

নিজৰ সুন্দৰ স্বাস্থ্য আৰু সক্ৰিয়তাৰ বাবে সদায় চৰ্চাত থাকে বিগ বি অমিতাভ বচ্চন। নিজৰ ফিটনেছৰ জৰিয়তে বহু লোকক অনুপ্ৰেৰিত কৰিছে বিগ বিয়ে।

News18-Assam
Updated:October 11, 2019, 9:29 AM IST
আজি মেগাষ্টাৰ অমিতাভ বচ্চনৰ ওপজা দিন, ৭৭ বছৰ বয়সতো সুস্বাস্থ্যৰ ৰহস্য কি?
Photo : koimoi.com
News18-Assam
Updated: October 11, 2019, 9:29 AM IST
আজি বলীউদৰ মহানায়ক অমিতাভ বচ্চনৰ জন্মদিন। ৭৭ বছৰত ভৰি দিলে মেগাষ্টাৰগৰাকীয়ে। ওপজা দিন উপলক্ষে বলীউদৰ তাৰকাৰ লগতে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলে শুভেচ্ছা জনাইছে অভিনেতাগৰাকীলৈ। ছচিয়েল মিডিয়াযোগেও বিভিন্নজনে ওপজা দিনৰ ওলগ জনাইছে বিগ বিলৈ।

নিজৰ সুন্দৰ স্বাস্থ্য আৰু সক্ৰিয়তাৰ বাবে সদায় চৰ্চাত থাকে বিগ বি অমিতাভ বচ্চন। এই বয়সত এইদৰে ফিট হৈ থকাটো সকলোৰে বাবে সহজ কথা নহয়। অমিতাভ বচ্চনে নিজৰ ফিটনেছৰ জৰিয়তে বহু লোকক অনুপ্ৰেৰিত কৰিছে। সকলোৱে জানিব বিচাৰে যে মহানায়কগৰাকীৰ ফিটনেছৰ ৰহস্য কি?

সুৰাৰ পৰা দূৰত থাকে অমিতাভ বচ্চন

নিজৰ স্বাস্থ্যক লৈ সদায় সচেতন অমিতাভ বচ্চন। দৈনিক খোজ কঢ়াৰ উপৰি ব্যায়াম কৰিবলৈ নাপাহৰে অমিতাভ বচ্চনে। চিনেমাত সুৰাপান, ধুম্ৰপান কৰা দেখা যায় যদিও বাস্তৱ জীৱনত সুৰা আৰু ধুমপানৰ পৰা দূৰত থাকে অভিনেতাগৰাকী।

নিৰামিষভোজী অমিতাভ বচ্চন
আপুনি জানেনে যে বলীউদৰ মহানায়ক অমিতাভ বচ্চন নিৰামিষভোজী। পূৰ্বে অমিতাভ বচ্চন আৰু তেওঁৰ পত্নী জয়া বচ্চন দুয়োগৰাকী আমিষভোজী আছিল যদিও পিছত স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি নিৰামিষ আহাৰ গ্ৰহণৰ সিদ্ধান্ত লয়। সিদ্ধ খাদ্য অতিকে প্ৰিয় অমিতাভ বচ্চনৰ।

দৈনিক খোজ কাঢ়ে অভিনেতাগৰাকীয়ে

অমিতাভ বচ্চনে কিশোৰ অৱস্থাৰ পৰাই খোজকঢ়াৰ অভ্যাস গঢ়ি তুলিছিল। ব্যায়াম কৰাৰ অভ্যাসো শিশু কালৰ পৰাই আছে। তেওঁৰ সুস্বাস্থ্যৰ অন্যতম কাৰণ খোজকঢ়া আৰু ব্যায়াম। তদুপৰি দৈনিক যোগাসনো কৰে জনপ্ৰিয় অভিনেতাগৰাকীয়ে।

নেমু পানী প্ৰিয় অমিতাভ বচ্চনৰ
নেমু পানী অতি প্ৰিয় বিগ বিৰ। পানীয়ৰ ভিতৰত কেৱল বিশুদ্ধ পানী আৰু নেমু পানীহে গ্ৰহণ কৰে অভিনেতাগৰাকীয়ে। কোনো ধৰণৰ ছফ্ট ড্ৰিংক ভাল নাপায় তেওঁ।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি