জায়ৰা ৱাছিমৰ বলিউড ত্যাগ কৰাৰ পোষ্টক লৈ মেনেজাৰে ক’লে একাউণ্ট হেক হৈছিল

News18-India
Updated:July 1, 2019, 1:58 PM IST
জায়ৰা ৱাছিমৰ বলিউড ত্যাগ কৰাৰ পোষ্টক লৈ মেনেজাৰে ক’লে একাউণ্ট হেক হৈছিল
ফটো উৎসঃইণ্টাৰনেট

মেনেজাৰৰ মতে এইবিষয়ে ছচিয়েল মিডিয়া টীমক অভিযোগ কৰা হৈছে কিন্তু এইপৰ্যন্ত আৰক্ষী অথবা চাইবাৰ চেলত কোনো অভিযোগ দিয়া হোৱা নাই।

  • Share this:
দংগল আৰু ছিক্ৰেট চুপাৰষ্টাৰৰ শিল্পী জায়ৰা ৱাছিমে ফিল্ম উদ্যোগ ত্যাগ কৰাৰ ঘোষণাক লৈ সকলো স্তম্ভিত। ধৰ্মীয় ভাৱনাত আঘাত লগাৰ কথা কৈ ৱাছিমে ৫বছৰীয়া অভিনয় জীৱন ত্যাগ কৰাৰ সিদ্ধান্ত ছচিয়েল মিডিয়াযোগে ৰাজহুৱা কৰিছিল। কিন্তু ইয়াৰ মাজতে এনে এটা খ‍বৰ ওলাইছে যে এতিয়া বুজি পোৱা কঠিন হৈ পৰিছে প্ৰকৃত ঘটনা কি! নিউজ18 হিন্দীয়ে জায়ৰা ৱাছিমৰ সৈতে কথা পাতিবলৈ বিচৰাত তেওঁ কোনো উত্তৰ নিদিলে, ইয়াৰ পিছত তেওঁৰ মেনেজাৰৰ সৈতে কথা পাতোতে তেওঁ কয় যে একাউণ্ট হেক হৈছিল আৰু আমি চেষ্টা কৰি আছো জানিবলৈ যে প্ৰকৃততে জায়ৰাৰ একাউণ্ট হেক কৰি এই পোষ্ট কোনে লিখিছিল।

মেনেজাৰৰ মতে এইবিষয়ে ছচিয়েল মিডিয়া টীমক অভিযোগ কৰা হৈছে কিন্তু এইপৰ্যন্ত আৰক্ষী অথবা চাইবাৰ চেলত কোনো অভিযোগ দিয়া হোৱা নাই। দেওবাৰে জায়ৰাই এক্টিং কেৰিয়াৰ ত্যাগ কৰাৰ ঘোষণা কৰিছিল।

First published: July 1, 2019, 1:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading