ফটোত কি দেখুৱাই সৰ্বত্ৰ ভৎসনাৰ সন্মুখীন হ’ল মলাইকা আৰোৰা!

ছচিয়েল মিডিয়াত এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে অভিনেত্ৰী মলাইকা আৰোৰাই। ফটোত নিজৰ ‘আৰ্মপিট’ প্ৰদৰ্শন কৰি সমালোচনাৰ সন্মুখীন আৰবাজ খানৰ প্ৰাক্তন পত্নী মলাইকা।

news18assam
Updated:May 30, 2019, 3:40 PM IST
ফটোত কি দেখুৱাই সৰ্বত্ৰ ভৎসনাৰ সন্মুখীন  হ’ল মলাইকা আৰোৰা!
ছচিয়েল মিডিয়াত এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে অভিনেত্ৰী মলাইকা আৰোৰাই। ফটোত নিজৰ ‘আৰ্মপিট’ প্ৰদৰ্শন কৰি সমালোচনাৰ সন্মুখীন আৰবাজ খানৰ প্ৰাক্তন পত্নী মলাইকা।
news18assam
Updated: May 30, 2019, 3:40 PM IST
বলিউডৰ আৱেদনময়ী অভিনেত্ৰী সকলৰ ভিতৰত অন্যতম মলাইকা আৰোৰাই কেইদিনমান ধৰি ছচিয়েল মিডিয়াত লাভ কৰিছে ব্যাপক চৰ্চা। অভিনেতা অৰ্জুন কাপুৰৰ লগত থকা সম্পৰ্কক লৈ আজিকালি প্ৰায়ে সংবাদ শিৰোণাম দখল কৰে বলিউডৰ ‘মুন্নী’ মলাইকাই। ছচিয়েল মিডিয়াত এইবাৰ ভাইৰেল হৈছে মলাইকাৰ এখন বিশেষ ফটো। ফটোখনত মলাইকাই নিজক এনে ধৰণে প্ৰদৰ্শন কৰিছে যে এতিয়া বহুতে ছচিয়েল মিডিয়াত মলাইকাক কৰিছে তীব্ৰ সমালোচনা।



মলাইকাই লেপটপৰ ৱালপেপাৰ হিচাপে থকা ফটোখন নিজৰ ফোনত উঠাই  Instagram একাউণ্টত আপলোড কৰিছিল। ফটোখনৰ জৰিয়তে নিজৰ আৰ্মপিট প্ৰদৰ্শন কৰি এতিয়া সৰ্বদিশৰ পৰা সমালোচনাৰ সন্মুখীন হৈছে অভিনেত্ৰীগৰকী।  ফটোখনক মলাইকাৰ ফেন সকলে প্ৰশংসা কৰাও দেখা গৈছে।



এগৰকী অভিনেত্ৰীয়ে ৰাজহুৱাকৈ নিজৰ আৰ্মপিট প্ৰদৰ্শন কৰাতো কোনো নতুন কথা নহয়! ইয়াৰ আগতে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই ছচিয়েল মিডিয়াত নিজৰ আৰ্মপিট প্ৰদৰ্শন কৰি সমালোচনাৰ সন্মুখীন হৈছিল। প্ৰিয়ংকাই এখন মোগাজীনৰ বাবে নিজৰ আৰ্মপিট প্ৰদৰ্শন কৰি ফটোশ্ব’ট কৰিছিল। পিছত সেই ফটো ‘এডিট‘ কৰি আপলোড কৰিছিল ছচিয়েল মিডিয়াত।
আৰু চাওক পৰৱৰ্তী বাতৰি