কেমেৰাৰ সন্মুখত মুম্বাইৰ ৰাজপথতে পৰি গ'ল কৃতি চেনন! নিমিষতে ভাইৰেল হৈ পৰিল Video

News18 Assam | News18-Assam
Updated:March 22, 2021, 3:54 PM IST
কেমেৰাৰ সন্মুখত মুম্বাইৰ ৰাজপথতে পৰি গ'ল কৃতি চেনন! নিমিষতে ভাইৰেল হৈ পৰিল Video
কৃতি গাড়ীৰ পৰা নামিবলৈ লওতেই কেমেৰাৰ ফ্লেচ জ্বলি উঠে আৰু ঠিক সেই সময়তে নিজৰ খোজ চম্ভালিব নোৱাৰি প্ৰায় পৰি যোৱাৰ দৰে অৱস্থা হয় অভিনেত্ৰীগৰাকী।

কৃতি গাড়ীৰ পৰা নামিবলৈ লওতেই কেমেৰাৰ ফ্লেচ জ্বলি উঠে আৰু ঠিক সেই সময়তে নিজৰ খোজ চম্ভালিব নোৱাৰি প্ৰায় পৰি যোৱাৰ দৰে অৱস্থা হয় অভিনেত্ৰীগৰাকী।

  • Share this:
বহুকেইখন জনপ্ৰিয় ছবিত অভিনয় কৰি ইতিমধ্যে বলীউদত এক সুকীয়া স্থান দখল কৰিছে অভিনেত্ৰী কৃতি চেননে। অভিনয়ৰ প্ৰতিভাৰ লগতে নিজৰ আকৰ্ষণীয় সৌন্দৰ্যৰে বহুতকে মোহিত কৰি ৰাখিছে আবেদনময়ী অভিনেত্ৰীগৰাকীয়ে।

২০১৯ ত কৃতি অভিনীত 'পাণিপথ' আৰু 'পতি পত্নী ঔৰ ৱহ' মুক্তি পাইছিল। দুয়োখন ছবিত কৰা অভিনয়েৰে দৰ্শকৰ উচ্চ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল অভিনেত্ৰীগৰাকীয়ে। ২০২০ চনত মুক্তি পোৱাৰ কথা আছিল কৃতি অভিনীত নতুন ছবিৰ 'মিমি'। কিন্তু ছবিখনৰ শ্বুটিং চলি থাকোতেই দেশত আৰম্ভ হয় কোৰোণাৰ সংক্ৰমণ। ফলত পিছুৱাই দিবলগীয়া হয় ছবিখনৰ মুক্তিৰ দিন।



যোৱা সোমবাৰে অভিনেত্ৰীগৰাকী এখন চেলুনলৈ গৈছিল। কিন্তু সেইসময়তে এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হয় কৃতি চেনন। গাড়ীৰ পৰা নামিবলৈ লওতেই কৃতিৰ  কাষ চাপে কেইজনমান ফটোগ্ৰাফাৰ। আৰু সেইসময়তে হঠাত্‍ কেমেৰাৰৰ ফ্লেচ জ্বলি উঠা দেখি নিজকে চম্ভালিব নোৱাৰা হৈ পৰি যাবলৈ ধৰে অভিনেত্ৰীগৰাকী।

অৱশ্যে লগে লগে গাড়ীত ধৰি নিজকে চম্ভালি হাঁহি মুখে কেমেৰাৰ সন্মুখত প'জ দিয়ে কৃতিয়ে।  মূহুৰ্ততে এই  ভিডও ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত।
Published by: Himangshu Bhuyan
First published: March 13, 2021, 2:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি