এইবাৰ জলপৰীৰ ৰূপত কিয়াৰা আদৱানী ! সাগৰৰ তলিত মাছৰ সৈতে কিয়াৰাৰ জলকেলি, Viral Video...

News18 Assam | News18-Assam
Updated:June 7, 2021, 4:04 PM IST
এইবাৰ জলপৰীৰ ৰূপত কিয়াৰা আদৱানী ! সাগৰৰ তলিত মাছৰ সৈতে কিয়াৰাৰ জলকেলি, Viral Video...
photo- @kiaraaliaadvani

গভীৰ সাগৰৰ বুকুত মাছৰ সৈতে সাঁতোৰ কিয়াৰাৰ । ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ভিডিঅ' ।

  • Share this:
কোৰোণা দ্বিতীয় ঢৌৰ সংহাৰৰ মাজতে সকলোকে শক্তিশালী আৰু সুৰক্ষিত হৈ থাকিবলৈ কৈ আহিছে বলীউডৰ তাৰকাসকলে । শেহতীয়াকৈ বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ সময়তো তাৰকাসকলে অনুৰাগীসকলক নিজা ধৰণে অভিনন্দন জনোৱা দেখিবলৈ পোৱা গৈছে । অভিনেত্ৰী কিয়াৰা আদৱানীয়েও অনুৰাগীসকলক বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনাইএটা থ্ৰোবেক ভিডিঅ' শ্বেয়াৰ কৰা পৰিলক্ষিত । য'ত তেওঁক নিয়ন ৰঙৰ বিকিনি পিন্ধি গভীৰ সাগৰত মাছৰ সৈতে জলকেলি পৰা দেখা গৈছিল ।

ভিডিঅ'টো শ্বেয়াৰ কৰি, কিয়াৰাই তেওঁৰ অনুৰাগীসকলক দিয়ে এক বিশেষ বাৰ্তা । ভিডিঅ'টোৰ কেপচনত কিয়াৰা লিখিছিল 'প্ৰতিদিনে পৰিৱেশ দিৱস' ।

ইপিনে অভিনেত্ৰীগৰাকীৰ এই ভিডিঅ'ই অনুৰাগীসকলক জলপৰীৰ কথা মনত পেলাই দিয়ে । কিয়নো ভিডিঅ'টোত সাইলাখ জলপৰীৰ দৰেই আকৰ্ষণীয় ৰূপত দেখিবলৈ পোৱা গৈছিল কিয়াৰাক । বহু অনুৰাগীয়ে আনকি কিয়াৰা আদৱানীৰ এই শৈলীৰ প্ৰশংসাৰে কমেন্ট শাখা উপচাই তোলে । ভিডিঅ'টোত সাগৰৰ তলিৰ সৌন্দৰ্যৰ লগতে ভিন্ন মাছৰ সৈতে জলকেলি কৰা দেখা গৈছে কিয়াৰাক । যি ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত ।










View this post on Instagram






A post shared by KIARA (@kiaraaliaadvani)






সাগৰৰ প্ৰেমত পৰা কিয়াৰাই ইয়াৰ পূৰ্বেও সাগৰৰ তলত সুন্দৰ পোজ দিয়া এখন ফটো শ্বেয়াৰ কৰিছিল। ফটোখন শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে কেপচন দিছিল 'আপুনি ঢৌ বোৰ বন্ধ কৰিব নোৱাৰে, কিন্তু আপুনি সাঁতুৰিবলৈ শিকিব পাৰে।' অভিনেত্ৰীগৰাকীৰএই ফটোখনেও বিশেষ চৰ্চা লাভ কৰা দেখা গৈছিল ।

উল্লেখ্য যে, কিয়াৰা আদৱানীক শেহতীয়াকৈ কেইবাখনো ছবিত দেখা পোৱা যাব। সিদ্ধাৰ্থ মাহলোত্ৰাৰ সৈতে 'শ্বেৰশ্বাহ'ত মুখ্য চৰিত্ৰত দেখা যাব কিয়াৰাক । আগন্তুক বৰ্ষত মুক্তি পোৱাৰ সম্ভাৱনা আছে ছবিখনৰ। আনফালে কাৰ্তিক আৰিয়ান অভিনীত কমেডি ছবি 'ভুল ভুলিয়া ২'তো এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব কিয়াৰাক । লগতে নীতু কাপুৰ, বৰুণ ধাৱান আৰু অনিল কাপুৰৰ দৰে তাৰকাসকলৰ সৈতে 'জুগ জুগ জিয়ো' ছবিতো নিজৰ যাদু দেখুৱাবলৈ সাজু হৈছে অভিনেত্ৰীগৰাকী ।
Published by: Kokil Sarma
First published: June 7, 2021, 4:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি