কৰীনাৰ সৈতে ছুইজাৰলেণ্ডত ছেইফ আলী খান, কিহৰ বাবে প্ৰচণ্ড খং উঠিল কাজলৰ?

News18 Assam | News18-Assam
Updated:December 31, 2019, 1:32 PM IST
কৰীনাৰ সৈতে ছুইজাৰলেণ্ডত ছেইফ আলী খান, কিহৰ বাবে প্ৰচণ্ড খং উঠিল কাজলৰ?
টুইটাৰত কাজলে লিখিছে – ‘তুমি আমাৰ লগত ‘ওমকাৰা’ৰ সময়তো বিশ্বাসঘাতকতা কৰিছিলা, এইবাৰো কৰিলা। আশা কৰো এই পোষ্টটো তুমি ছুইজাৰলেণ্ডতে পঢ়িবা।’

টুইটাৰত কাজলে লিখিছে – ‘তুমি আমাৰ লগত ‘ওমকাৰা’ৰ সময়তো বিশ্বাসঘাতকতা কৰিছিলা, এইবাৰো কৰিলা। আশা কৰো এই পোষ্টটো তুমি ছুইজাৰলেণ্ডতে পঢ়িবা।’

  • Share this:
১০ জানুৱাৰীত মুক্তি পাব অজয় দেৱগণ, কাজল আৰু ছেইফ আলী খান অভিনীত ছবি ‘তানাজী’। ছবিখনত মাৰাথা যোদ্ধাৰ ৰূপত দেখা যাব অজয় দেৱগণক আৰু তেওঁৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে কাজলে। খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে ছেইফ আলী খানে। ছবিখনৰ ট্ৰেইলাৰ ইতিমধ্যে আঁকোৱালি লৈছে দৰ্শকে। এই ছবিখনৰ প্ৰমোচনক লৈ বৰ্তমান ব্যস্ত আছে অজয়–কাজল।

কিন্তু তাৰ মাজতে এনে কি হ’ল যে ছেইফক বিশ্বাসঘাতক বুলিলে কাজলে। টুইটাৰত সকলো ক্ষোভ উজাৰিলে কাজলে। টুইটাৰত কাজলে লিখিছে – ‘তুমি আমাৰ লগত ‘ওমকাৰা’ৰ সময়তো বিশ্বাসঘাতকতা কৰিছিলা, এইবাৰো কৰিলা। আশা কৰো এই পোষ্টটো তুমি ছুইজাৰলেণ্ডতে পঢ়িবা।’

আচলতে কাজলৰ খং হ’ল ছেইফ ছবিৰ প্ৰমোচনলৈ নহাটো। ছবিৰ প্ৰমোচনত অংশ নোলোৱাকৈ পত্নী–পুত্ৰৰ সৈতে ছুইজাৰলেণ্ডলৈ ছুটী কটাবলৈ গৈছে ছেইফ। সেইবাবেই খঙতে এইদৰে টুইট কৰিছে কাজলে।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি