আধৰুৱা হৈ ৰ’ল ইৰফান খান অভিনীত শেষৰ খন ছবি, এতিয়া এইগৰাকী অভিনেতাই কৰিব অভিনয়

News18 Assam | News18-Assam
Updated:May 14, 2020, 2:27 PM IST
আধৰুৱা হৈ ৰ’ল ইৰফান খান অভিনীত শেষৰ খন ছবি, এতিয়া এইগৰাকী অভিনেতাই কৰিব অভিনয়
Photo : Sakshi Post

ইতিমধ্যে চিত্ৰনাট্যৰ কাম শেষ হোৱা এখন নাম ঠিক নকৰা ছবিৰ বাবে চুক্তিবদ্ধ হৈছিল ইৰফান খান

  • Share this:
২৯ এপ্ৰিলত বলীউদৰ বলিষ্ঠ অভিনেতা ইৰফান খানৰ দেহাৱসান ঘটে। এজন অভিনেতা হিচাপে লাখ লাখ অনুৰাগীৰ হৃদয় জয় কৰা ইৰফানৰ খানৰ মৃত্যু এতিয়া সহজ ভাবে মানি ল’ব পৰা নাই কোনেও।

আধৰুৱা হৈ ৰ’ল ইৰফান খানৰ শেষৰ খন ছবি। ইতিমধ্যে চিত্ৰনাট্যৰ কাম শেষ হোৱা এখন নাম ঠিক নকৰা ছবিৰ বাবে চুক্তিবদ্ধ হৈছিল ইৰফান খান। ইৰফান খানৰ অভিনয়ৰ কথা মনত ৰাখিয়েই লিখা হৈছিল ছবিখনৰ চিত্ৰনাট্য।

কিন্তু অভিনেতাজনৰ মৃত্যুৰ পিছতে ছবিখন নতুনকৈ পৰিকল্পনা কৰিবলগীয়া হৈছে পৰিচালকে। চিত্ৰনাট্য কিছু সাল-সলনি কৰি ইৰফান খানৰ ঠাইত বলীউদৰ এগৰাকী জনপ্ৰিয় অভিনেতাক নিৰ্বাচিত কৰা হৈছে।

ছবিখনৰ চিত্ৰনাট্য যোৱা পাচঁ বছৰ ধৰি লিখি থকা হৈছে। ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত খবৰ অনুসৰি ছবখনৰ নাম প্ৰথমে ‘ইমাৰজেন্সী’ৰখা হৈছিল। ছবিখন পৰিচালনা কৰাৰ কথা আছিল আনন্দ গান্ধীয়ে। এতিয়া ইৰফান খানৰ ঠাইত সুশান্ত সিং ৰাজপুতক ছবিখনৰ বাবে নিৰ্বাচিত কৰিছে পৰিচালকে। কিন্তু এতিয়ালৈকে সুশান্তে দিয়া নাই নিশ্চয়তা।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading