Super 30 আৰু ‘ৰাফ’ ঋত্বিক ৰোশন

আকৌ চৰ্চালৈ আহিছে বলিউডৰ তাৰকা অভিনেতা ঋত্বিক ৰোশন। Super 30 ৰ পষ্টাৰত ঋত্বিক ৰোশনক দেখা গ’ল ‘ৰাফ Look’ ত।

news18assam
Updated:June 2, 2019, 6:24 PM IST
Super 30 আৰু ‘ৰাফ’ ঋত্বিক ৰোশন
আকৌ চৰ্চালৈ আহিছে বলিউডৰ তাৰকা অভিনেতা ঋত্বিক ৰোশন। Super 30 ৰ পষ্টাৰত ঋত্বিক ৰোশনক দেখা গ’ল ‘ৰাফ Look’ ত।
news18assam
Updated: June 2, 2019, 6:24 PM IST
আনুষ্ঠানিক ভাৱে মুকলি কৰা হ’ল ঋত্বিক ৰোশনৰ নতুন ছবি ‘Super 30’ ৰ প্ৰথমখন অফিচিয়েল পোষ্টাৰ। পোষ্টাৰখনত ঋত্বিক ৰোশনক কেইজনমান ছাত্ৰ সৈতে থিয় হৈ থকা দেখা পোৱা গৈছে। যাৰ জৰিয়তে ছবিখনৰ কাহিনীৰ কিছু আভাস দিবলৈ চেষ্টা কৰা হৈছে। বলিউডৰ নৱতম ছবিখনৰ পষ্টাৰখনত ঋত্বিকক দেখা পোৱা গৈছে এক ‘ৰাফ Look’ ত।
ঋত্বিকে ছচিয়েল মিডিয়াত ছবিখনৰ পোষ্টাৰখন শ্বেয়াৰ কৰি অহা ৪ জুনত ছবিখনৰ অফিচিয়েল ট্ৰেইলাৰ মুক্তি দিয়া হ’ব বুলি জানিবলৈ দিছে।



ঋত্বিকৰ শেহতীয়া কাবিল ছবিখনো দৰ্শকে আদৰি লোৱা দেখা গৈছিল। নতুন ছবি Super 30ৰ কাহিনী ভাগ শিক্ষা, শিক্ষকৰ শক্তি আৰু মূল্যৰ ওপৰত আধাৰিত বুলি জানিবলৈ দিছে বলিউডৰ তাৰকা অভিনেতাজনে।



ছবিখনৰ পোষ্টাৰ মুকলি কৰাৰ পিছতে এতিয়া ছবিখনকলৈ উৎসুকতা বৃদ্ধি পাইছে ঋত্বিক ৰোশনৰ অনুৰাগী সকলৰ মাজত। অহা ১২ জুলাই তাৰিখে সমগ্ৰ দেশজুৰি মুক্তিলাভ কৰিব Super 30 ছবিখনে।
আৰু চাওক পৰৱৰ্তী বাতৰি