মিথুন চক্ৰৱৰ্তীয়ে ১৯৭৬ চনত মুক্তি লাভ কৰা ছবি 'মৃগয়া'ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল ৷
মিথুন চক্ৰৱৰ্তীয়ে ১৯৭৬ চনত মুক্তি লাভ কৰা ছবি 'মৃগয়া'ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল ৷
হিন্দী চলচ্চিত্ৰত ডিস্কো ডেঞ্চাৰ খ্যাত অভিনেতা মিথুন চক্ৰৱৰ্তীৰ (Mithun Chakraborty) আজি ওপজা দিন। মিথুন চক্ৰৱৰ্তীৰ জন্ম ১৯৫০ চনৰ ১৬ জুনত কলকাতাত হৈছিল। 'ডিস্কো ডেঞ্চাৰ'ৰ বৃহৎ সফলতাৰ পিছতেই বলীউডৰ হট টপিক হিচাপে পৰিণত হৈছিল মিথুন চক্ৰৱৰ্তী (Mithun Chakraborty Birthday)। মুম্বাইৰ বাহিৰৰ হোৱা স্বত্বেও অভিনেতাজনে বলীউডত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল। চলচ্চিত্ৰ জগতত প্ৰৱেশৰ পূৰ্বে মিথুন চক্ৰৱৰ্তী আছিল ডান্সিং ডিভা হেলেনৰ সহায়ক।
মিথুন চক্ৰৱৰ্তীয়ে ১৯৭৬ চনত মুক্তি লাভ কৰা ছবি 'মৃগয়া'ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল ৷ প্ৰথমখন ছবিৰ পিছতেই তেওঁ অভিনয়ৰ পাৰদৰ্শিতাৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল ৷ মিথুন চক্ৰৱৰ্তীৰ অভিনয়, একচন আৰু নৃত্য তিনিওটাতে সমানে দখল আছিল ৷ তেওঁ বিভিন্ন ভাষাত যেনে - বাংলা, হিন্দী, ওড়িয়া, ভোজপুৰী, তামিল, পঞ্জাৱী আদি ৩৫০ খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে।
এজন সফল অভিনেতা হিচাপে মিথুন চক্ৰৱৰ্তীৰ নাম সহ-অভিনেতা ৰঞ্জিতা, যোগিতা বালি, চাৰিকা আৰু অন্যান্যসকলৰ সৈতে জড়িত আছিল, কিন্তু শ্ৰীদেৱীৰ সৈতে তেওঁৰ সম্পৰ্ক সন্দৰ্ভত চৰ্চা আছিল সকলোতকৈ অধিক। মিথুন-শ্ৰীদেৱীয়ে প্ৰথমবাৰৰ বাবে ১৯৮৪ চনত 'জাগ উঠা ইনচান' ছবিত পৰ্দা ভাগ-বতৰা কৰিছিল। ছবিখনৰ দৃশ্যগ্ৰহণৰ লগে লগে দুয়োৰে সম্পৰ্কৰ নানা খবৰ আহিবলৈ আৰম্ভ কৰিছিল। মিথুন চক্ৰৱৰ্তীয়ে নিজেই এটা সাক্ষাৎকাৰত স্বীকাৰ কৰিছিল যে তেওঁ গোপনে শ্ৰীদেৱীক বিয়া কৰাইছিল।
উল্লেখ্য যে, মিথুন চক্ৰৱৰ্তীক ডন ডাউদ ইব্ৰাহিমে মৃত্যুৰ ভাবুকি দিছিল। ইয়াৰ পিছত সঞ্জয় দত্তই তেওঁক সহায় কৰিছিল। এই সকলোবোৰৰ উপৰিও মিথুন চক্ৰৱৰ্তী এজন সফল ব্যৱসায়ীও। বলীউডৰ এইগৰাকী অভিনেতাৰ বিলাসী হোটেলৰ ব্যৱসায় আছে। এই হোটেলবোৰৰ পৰা মিথুন চক্ৰৱৰ্তীয়ে কোটি টকাৰো অধিক উপাৰ্জন কৰে। বৰ্তমানলৈকে মিথুন চক্ৰৱৰ্তীয়ে দুটা ফিল্মফেয়াৰ বঁটা আৰু তিনিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। তেওঁ টিভিত জনপ্ৰিয় নৃত্য ৰিয়েলিটি শ্ব' ডান্স ইণ্ডিয়া ডান্সৰ চুপাৰ জাজ বা গ্ৰেণ্ডমাষ্টাৰ আছিল।
শেহতীয়াকৈ বলীউডৰ এইগৰাকী জনপ্ৰিয় অভিনেতাই খোজ দিছে ৰাজনীতিত। বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীত যোগদানৰ পাছতেই পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত জপিয়াই পৰিছিল বংগৰ দাদা ৰূপে জনাজাত মিথুন চক্ৰৱৰ্তী। ২০১৪ চনৰ পৰা ২০১৬ চনলৈ ৰাজ্যসভাৰ সাংসদ আছিল মিথুন চক্ৰৱৰ্তী। পূৰ্বে তেওঁ বাওঁপন্থী দলৰ লগতে তৃণমূল কংগ্ৰেছৰো সদস্য আছিল। চলিত বৰ্ষৰ আৰম্ভণিতে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল মিথুনে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|