হতবাক বলীউদ! গোৱাৰ এখন বিচ্চৰ ক্লাৱত বলীউদৰ অভিনেত্ৰী উৰ্বশী ৰৌতেলা বিক্ৰী হোৱা বুলি বিশেষ চৰ্চা চলিছে এই কেইদিন। বিষয়টো এতিয়া বলীউদৰ ভিতৰচৰাতো প্ৰায়ে চৰ্চিত। কিন্তু সঁচাকৈয়ে বিক্ৰী হ’ল নে অভিনেত্ৰীগৰাকী। আচলতে অভিনেত্ৰীগৰাকীৰ নামেৰে গোৱাৰ এটা ক্লাৱত বিক্ৰী কৰা হৈছে বিলাতী সুৰা।
![]()
মিডিয়া ৰিপৰ্টচৰ ভিত্তিত গোৱাৰ ডিস্ক বাৰ এখনত এই কেইদিন বিক্ৰী কৰা হৈছে অভিনেত্ৰীগৰাকীৰ নামেৰে সুৰা। নাম দিয়া হৈছে ‘উৰ্বশী ৰৌতেলা চট’।
দৰচলতে গোৱাত ইতিমধ্যে আৰম্ভ হ’ল ইয়েৰ এণ্ডিংৰ পাৰ্টী। বহুকেইটা আগশাৰীৰ ক্লাৱত এতিয়া সন্ধিয়া হ’লেই হয় জনসমাগম। তাৰে এটা ক্লাৱত অভিনেত্ৰীগৰাকীৰ নামেৰে বিক্ৰী কৰি থকা হৈছে এবিধ সুৰা। অভিনেত্ৰীগৰাকীৰ নামেৰে বিক্ৰী কৰা ‘উৰ্বশী ৰৌতেলা চট’এ ক্লাৱটোত লাভ কৰিছে বিশেষ জনপ্ৰিয়তা। অভিনেত্ৰীগৰাকীয়েও কোনো আপত্তি কৰা নাই নিজৰ নামত সুৰা বিক্ৰী কৰাৰ বাবে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|