আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী– ‘পাকিস্তানী ইভেণ্টত অংশ নল’ব’!

বলীউডৰ তিনিওগৰাকী বিশিষ্ট কণ্ঠশিল্পীলৈ নটিচ জাৰি কৰিছে ফেডাৰেশ্বন অৱ ইণ্ডিয়া চিনে এমপ্লইজ, চমুকৈ FWICE এ

News18-Assam
Updated:September 18, 2019, 4:20 PM IST
আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী– ‘পাকিস্তানী ইভেণ্টত অংশ নল’ব’!
বলীউডৰ তিনিওগৰাকী বিশিষ্ট কণ্ঠশিল্পীলৈ নটিচ জাৰি কৰিছে ফেডাৰেশ্বন অৱ ইণ্ডিয়া চিনে এমপ্লইজ, চমুকৈ FWICE এ
News18-Assam
Updated: September 18, 2019, 4:20 PM IST
ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক দিনে দিনে অধিক অৱনতি ঘটিছে। যাৰ প্ৰভাৱ এতিয়া দেশৰ ছবি উদ্যোগতো পৰা পৰিলক্ষিত হৈছে। ভাৰতৰ কোনো শিল্পীয়ে  এতিয়া পাকিস্তান পৰোক্ষ বা প্ৰত্যক্ষ ভাবে জড়িত থকা কোনো অনিষ্ঠানতে ভাগ ল’ব নোৱাৰিব। এইবাৰ ফেডাৰেশ্বন অৱ ইণ্ডিয়া চিনে এমপ্লইজ, চমুকৈ FWICE এ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ প্ৰেৰণ কৰিছে জাননী।

অহা ১৭ নৱেম্বৰত পাকিস্তানৰ নাগৰিক মুজাম্মা হুনেনৰ দ্বাৰা আমেৰিকাত আয়োজন কৰা এক অনুষ্ঠানত ভাৰতৰ তিনিওগৰাকী বিশিষ্ট কণ্ঠশিল্পীয়ে ভাগ লোৱাৰ কথা কথা আছিল। কিন্তু এতিয়া FWICE এ কণ্ঠশিল্পী কেইগৰাকীক অনুষ্ঠানটোত ভাগলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰূপ কৰিছে।



কিছু দিন পূৰ্বে দিলজিত দোছাঞ্জে আমেৰিকাত এক অনুষ্ঠানত ভাগ লোৱাৰ কথা আছিল কিন্তু FWICE এ কণ্ঠশিল্পীগৰাকীক অনুষ্ঠানত ভাগ লোৱাত আপত্তি দৰ্শাই। কাৰণ দিলজিতে এগৰাকী পাকিস্তানী কণ্ঠশিল্পীৰ অনুৰোধত অনুষ্ঠান পৰিবেশন কৰিবলৈ মান্তি হৈছিল। এতিয়া FWICE এ বলীউডৰ বহু কেইগৰাকী বিশিষ্ট কণ্ঠশিল্পীক পাকিস্তান জড়িত থকা অনুষ্ঠানত ভাগ লোৱাৰ পৰা বিৰত থাকিবলৈ জাননী জাৰি কৰিছে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি