• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • দীপিকা পাডুকনে নিজৰ বডিগাৰ্ডৰ বাবে খৰচ কৰে অকল্পনীয় পৰিমাণৰ ধন!

দীপিকা পাডুকনে নিজৰ বডিগাৰ্ডৰ বাবে খৰচ কৰে অকল্পনীয় পৰিমাণৰ ধন!

বিভিন্ন সময়ত ছলমান খান, অমিতাভ বচ্চন বা আন তাৰকাসকলে বডিগাৰ্ডৰ বাবে ব্যয় কৰা ধনৰ পৰিমাণৰ বিষয়ে বহুলভাবে চৰ্চা হোৱা দেখা যায়।

বিভিন্ন সময়ত ছলমান খান, অমিতাভ বচ্চন বা আন তাৰকাসকলে বডিগাৰ্ডৰ বাবে ব্যয় কৰা ধনৰ পৰিমাণৰ বিষয়ে বহুলভাবে চৰ্চা হোৱা দেখা যায়।

বিভিন্ন সময়ত ছলমান খান, অমিতাভ বচ্চন বা আন তাৰকাসকলে বডিগাৰ্ডৰ বাবে ব্যয় কৰা ধনৰ পৰিমাণৰ বিষয়ে বহুলভাবে চৰ্চা হোৱা দেখা যায়।

  • Share this:
সকলো চেলিব্ৰেটিক একোজন সুদক্ষ পাহোৱাল বডিগাৰ্ডৰ প্ৰয়োজন। আমাৰ ৰাজ্যৰ মূখ্যমন্ত্ৰীৰ পৰা বলীউদৰ তাৰকাসকললৈ সকলোৰে আছে বডিগাৰ্ড। বলিউদৰ জনপ্ৰিয় অভিনেতা ছলমান খানৰ লগত বডিগাৰ্ড শ্বেৰা, অমিতাভ বচ্চনৰ লগত জিতেন্দ্ৰ সিন্দে, শ্বাহৰুখ খানৰ সৈতে ৰবি সিঙক দেখা যায়। চেলিব্ৰেটিসকলক ওচৰৰ পৰা প্ৰত্যক্ষ কৰিবলৈ অনুৰাগীসকলে কৰা হেঁচা-ঠেলাৰ লগতে তেখেতসকলৰ নিৰাপত্তাৰ দিশটো বডিগাৰ্ডসকলে চোৱা-চিটা কৰে।



অভিনেত্ৰী দীপিকা পাডুকনে তেওঁৰ কামৰ কাৰণে অত্যধিক পাৰিশ্ৰমিক বিচাৰে বুলি প্ৰায়ে সংবাদ শীৰ্ষত থাকে যদিও বৰ্তমান অন্য এটা বিষয়হে যথেষ্ট চৰ্চিত হৈ পৰিছে। শেহতীয়াকৈ চৰ্চাৰ বিষয় হৈ পৰিছে সামাজিক স্থানত মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনৰ গাৰ ছাঁটোৰ দৰে লাগি থকা তেখেতৰ ব্যক্তিগত বডিগাৰ্ড জালাল। জালালে বহু বছৰ ধৰি অভিনেত্ৰীগৰাকীৰ বডিগাৰ্ড হিচাপে চাকৰি কৰি আছে। নিজৰ পৰিয়ালৰ সদস্য বুলি বিবেচনা কৰা দীপিকাই প্ৰতি বছৰে জালালক ৰাখী পিন্ধাই আৰু দীপিকাক নিজৰ ভনীয়েক হিচাপে সুৰক্ষা দিয়ে। কিন্তু আলোচনাৰ বিষয়টো হৈছে এই চাকৰিৰ বাবদ বডিগাৰ্ডসকলে দৰমহা কিমান লাভ কৰে?



বিভিন্ন সময়ত ছলমান খান, অমিতাভ বচ্চন বা আন তাৰকাসকলে বডিগাৰ্ডৰ বাবে ব্যয় কৰা ধনৰ পৰিমাণৰ বিষয়ে বহুলভাবে চৰ্চা হোৱা দেখা যায়। দীপিকাই এই বিষয়ে কোনো তথ্য প্ৰকাশ কৰা নাই যদিও মিডিয়া ৰিপৰ্টে জনোৱা মতে, কিছু বছৰ পূৰ্বে অভিনেত্ৰীগৰাকীয়ে বডিগাৰ্ডৰ বাবদ প্ৰতি বছৰে ৮০,০০,০০০ টকা ব্যয় কৰিছিল। এই তথ্য যদিও পুৰণি, তথাপিও বৰ্তমান সম্ভৱতঃ জালালৰ বাৰ্ষিক দৰমহা ১,০০,০০০ টকা নিশ্চয় লাভ কৰে।
Published by:Himangshu Bhuyan
First published: