‘মুগাৰ সাজ পিন্ধি ভূমি পাডনেকাৰে বিহু নাচিছে, বৰুণ ধাৱানে অসম ঐতিহ্য বৰ্ণনা কৰিছে’– ফিল্ম ফেয়াৰ এৱাৰ্ড–২০২০ৰ প্ৰস্তুতি তুংগত

News18 Assam | News18-Assam
Updated:January 29, 2020, 1:59 PM IST
‘মুগাৰ সাজ পিন্ধি ভূমি পাডনেকাৰে বিহু নাচিছে, বৰুণ ধাৱানে অসম ঐতিহ্য বৰ্ণনা কৰিছে’– ফিল্ম ফেয়াৰ এৱাৰ্ড–২০২০ৰ প্ৰস্তুতি তুংগত
ফেব্ৰুৱাৰী মাহত গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ’ব বলীউদৰ মেগা এৱাৰ্ড শ্ব’– ফিল্ম ফেয়াৰ এৱাৰ্ড–২০২০

ফেব্ৰুৱাৰী মাহত গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ’ব বলীউদৰ মেগা এৱাৰ্ড শ্ব’– ফিল্ম ফেয়াৰ এৱাৰ্ড–২০২০

  • Share this:
বলীউদৰ জনপ্ৰিয় অভিনতা–অভিনেত্ৰীৰ মুখত এতিয়া অসমৰ কথা। অসমৰ কলা–সংস্কৃতি, ঐতিহ্য, মনোৰম প্ৰাকৃতিক পৰিৱেশৰ বৰ্ণনা কৰিছে বহুকেইগৰাকী অভিনেতা অভিনেত্ৰীয়ে। অসম পৰ্যটনৰ সহযোগিতাত অনুষ্ঠিত হ’বলগীয়া ফিল্ম–ফেয়াৰ এৱাৰ্ড ২০২০ৰ প্ৰম’ মুকলি কৰা হৈছে। অভিনেত্ৰী ভূমি পাডনেকাৰক প্ৰম’টোত বিহু নৃত্য কৰা দেখিবলৈ পোৱা গৈছে। পৰাম্পৰাগত সাজত ভূমিয়ে বৰ্ণনাও কৰিছে অসমৰ ঐতিহ্যৰ বিষয়ে কিছু কথা। ইয়াৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যক বৰ্ণনা কৰিছে অভিনেতা বৰুণ ধাৱানে।



ফেব্ৰুৱাৰী মাহৰ মাজভাগতে অসমত অনুষ্ঠিত হ’ব বলীউদৰ মেগা এৱাৰ্ড শ্ব’– ফিল্ম ফেয়াৰ এৱাৰ্ড–২০২০। ফিল্ম ফেয়াৰ এৱাৰ্ডৰ বাবে এতিয়া চলিছে ব্যাপক প্ৰস্তুতি। গুৱাহাটীত হ’বলগীয়া ফিল্ম ফেয়াৰ এৱাৰ্ডত এইবাৰ বলীউদৰ কিং খান শ্বাহৰুখ খানে আঁত ধৰাৰ সম্ভাৱনা আছে।



ইতিমধ্যে মুকলি কৰা প্ৰম’ দুয়োটাই এতিয়া ছচিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি