உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • ২০২১ ৰ দীপাৱলীত আহি আছে মহাভাৰত, দ্ৰৌপদী হ’ব দীপিকা পাডুকন!

    ২০২১ ৰ দীপাৱলীত আহি আছে মহাভাৰত, দ্ৰৌপদী হ’ব দীপিকা পাডুকন!

     এইবাৰ দীপিকা সাজু হৈছে নিজৰ কেৰিয়াৰৰ এটা অন্যতম শ্ৰেষ্ঠ চৰিত্ৰত অভিনয় কৰিবৰ বাবে

    এইবাৰ দীপিকা সাজু হৈছে নিজৰ কেৰিয়াৰৰ এটা অন্যতম শ্ৰেষ্ঠ চৰিত্ৰত অভিনয় কৰিবৰ বাবে

    এইবাৰ দীপিকা সাজু হৈছে নিজৰ কেৰিয়াৰৰ এটা অন্যতম শ্ৰেষ্ঠ চৰিত্ৰত অভিনয় কৰিবৰ বাবে

    • Share this:
      বলীউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পোডুকনে ইতিমধ্যে নিজৰ অভিনয়েৰে মুগ্ধ কৰিছে সকলোকে। বহুকেইখন আগশাৰীৰ বলীউডৰ ছবিত সাৱলীল অভিনয় কৰি সমালোচকৰো উচ্চ প্ৰশংসা লাভ কৰিছে অভিনেত্ৰীগৰাকীয়ে। এইবাৰ দীপিকা সাজু হৈছে নিজৰ কেৰিয়াৰৰ এটা অন্যতম শ্ৰেষ্ঠ চৰিত্ৰত অভিনয় কৰিবৰ বাবে।



      ২০২১ চনৰ দীপাৱলীত ছবিগৃহলৈ আহি আছে ‘মহাভাৰত’, য’ত অভিনেত্ৰীগৰাকীয়ে ৰূপায়ন কৰিব দ্ৰৌপদীৰ চৰিত্ৰ। ইতিমধ্যে ছবিখন মুক্তিৰ বাবে ২০২১ চনৰ দীপাৱলী দিনটো বুক কৰিছে প্ৰযোজনা গোষ্ঠীয়ে। মধু মাৰ্টিনা প্ৰডাকছনৰ বেনাৰত নিৰ্মাণ হ’বলগীয়া ছবিখনত এগৰাকী সহ প্ৰযোজিক হিচাপেও থাকিব অভিনেত্ৰীগৰাকী।

      অতিশীঘ্ৰে আৰম্ভ হ’ব ছবিখনৰ প্ৰাৰম্ভিক কাম–কাজ। দীপিকাৰ লগতে অন্যান্য চৰিত্ৰত কোনে কোনে অভিনয় কৰিব সেই বিষয়ে এতিয়া লৈকে জনোৱা নাই সবিশেষ।

      First published: