কানপুৰত Article15 ছবিখনৰ তীব্ৰ বিৰোধিতা ব্ৰাহ্মণ সংগঠনৰ, বাতিল কৰিলে শ্ব’

ছবিখনত ইঞ্চপেক্টৰ আয়ান ৰঞ্জন (আয়ুস্মান খুৰানা) এগৰাকী দেশপ্ৰেমী। ইঞ্চপেক্টৰ আয়ুস্মানৰ পোষ্টিং এখন গাঁৱত কৰোৱা হয় য’ত এনেকুৱা এটা ঘটনা সংঘটিত হয় যিয়ে দেশক তোলপাৰ লগায়।

Dulu Medhi | News18-Assam
Updated:June 29, 2019, 5:28 PM IST
কানপুৰত Article15 ছবিখনৰ তীব্ৰ বিৰোধিতা ব্ৰাহ্মণ সংগঠনৰ, বাতিল কৰিলে শ্ব’
ছবিখনত ইঞ্চপেক্টৰ আয়ান ৰঞ্জন (আয়ুস্মান খুৰানা) এগৰাকী দেশপ্ৰেমী। ইঞ্চপেক্টৰ আয়ুস্মানৰ পোষ্টিং এখন গাঁৱত কৰোৱা হয় য’ত এনেকুৱা এটা ঘটনা সংঘটিত হয় যিয়ে দেশক তোলপাৰ লগায়।
Dulu Medhi | News18-Assam
Updated: June 29, 2019, 5:28 PM IST
ইতিমধ্যে মুক্তি পাইছে বলীউডৰ ছুপাৰষ্টাৰ আয়ুস্মান খুৰানাৰ ছবি ‘আৰ্টিকল ১৫’। এফালে ছবিখন মুক্তিৰ প্ৰথম দিনটোতে উপাৰ্জন কৰিছে ৫.০২ কোটি টকা। ছবিখনত আয়ুস্মানৰ অভিনয়ে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে আৰু আনফালে কানপুৰত তীব্ৰ বিৰোধিতা ছবিখনৰ বিৰুদ্ধে। শুকুৰবাৰে কানপুৰৰ ব্ৰাহ্মণ সংগঠনে ছবিগৃহৰ বাহিৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে যাৰ ফলত স্থগিত কৰা হয় ছবিখনৰ প্ৰদৰ্শনী।

আৰক্ষীয়ে জনোৱা মতে, কানপুৰৰ পৰিচিত Multiplex jade square আৰু অন্য ছবিগৃহৰ বাহিৰত সংগঠনটোৰ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ ফলত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু স্থগিত ৰখা হয় প্ৰদৰ্শনীসমূহ। অখিল ভাৰতীয় ব্ৰাহ্মণ একতা পৰিষদ আৰু সৰ্ব ব্ৰাহ্মণৰ দৰে সংগঠনৰ কৰ্মীয়ে ছবিখনৰ পোষ্টাৰ ফালি–চিৰি পেলোৱাৰ লগতে শ্ল’ গানো দিয়ে।



অনুভৱ সিনহাই লিখিলে মুকলিকৈ
ছচিয়েল মিডিয়াযোগে বিবাদ সন্দৰ্ভত ছবিখনৰ পৰিচালক অনুভৱ সিনহাই দিলে উত্তৰ। তেওঁ লিখিলে যে কোনো এখন ছবি সমাজৰ নিৰাদৰ কৰিবলৈ চেষ্টা নকৰে। এনেকুৱা বহুত কমেই হয়।

তেওঁ লিখিলে যে, মই এই কথাটো বহুকেইজন ছবিনিৰ্মাতাৰ তৰফৰ পৰা কৈছো। আপোনালোকৰ অনুমানৰ আধাৰত হোৱা বিৰোধিতাই কেৱল আপোনালোকৰ সময় নষ্ট কৰোৱা নাই, আমাৰো কৰিছে। আপোনালোকৰ সময় সমাজৰ কল্যাণৰ নামতহে ব্যয় হোৱাটো প্ৰয়োজন।



Article15ৰ কথা যদি কওঁ, মোৰ বিশ্বাস কৰক ছবিখনত ব্ৰাহ্মণ সমাজৰ কোনোধৰণৰ অসন্মান কৰা হোৱা নাই। আপোনালোকৰ জ্ঞাতাৰ্থে জনাও যে ছবিখন নিৰ্মাণৰ কামত বহুকেইজন ব্ৰাহ্মণ সংগীও আছে আৰু অভিনেতাও আছে। কোনো কাৰণতে ব্ৰাহ্মণক অসন্মান কৰা হোৱা নাই। মোৰ পত্নীও ব্ৰাহ্মণ হয়।



 
আৰু চাওক পৰৱৰ্তী বাতৰি