‘ব্ৰেকআপ’ হ’ল ছাৰা আলী খান আৰু কাৰ্তিক আৰিয়ানৰ!, শ্বইফ আলী খানৰ মন্তব্যই লাভ কৰিছে চৰ্চা

বলীউডৰ নতুন অভিনেত্ৰী ছাৰা আলী খান এইকেইদিন বিশেষ চৰ্চাত আছে

News18-Assam
Updated:October 18, 2019, 4:43 PM IST
‘ব্ৰেকআপ’ হ’ল ছাৰা আলী খান আৰু কাৰ্তিক আৰিয়ানৰ!, শ্বইফ আলী খানৰ মন্তব্যই লাভ কৰিছে চৰ্চা
বলীউডৰ নতুন অভিনেত্ৰী ছাৰা আলী খান এইকেইদিন বিশেষ চৰ্চাত আছে
News18-Assam
Updated: October 18, 2019, 4:43 PM IST
বলীউডৰ নতুন অভিনেত্ৰী ছাৰা আলী খান এইকেইদিন বিশেষ চৰ্চাত আছে। চিম্বাৰ পিছত এইবাৰ ছাৰা আলী খানক দেখা যাব কাৰ্তিক আৰিয়ানৰ বিপৰীতে ‘লভ আজ ক’ল–২’ ছবিখনত। কিন্তু ছবিখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ পূৰ্বেই ছাৰা আৰু কাৰ্তিকৰ মাজত থকা প্ৰেমৰ সম্পৰ্ক ফাট মেলা বুলি খবৰ ওলাইছে। দুয়োগৰাকীৰ প্ৰেমৰ সম্পৰ্ককলৈ বিভিন্ন মহলত বিশেষ চৰ্চা চলি থকাৰ মাজতে শ্বেইফ আলী খানে এইবাৰ বিশেষ মন্তব্য প্ৰকাশ কৰিছে। শ্বেইফ আলী খানে নিজৰ জীয়ৰীক ষ্টাৰ হোৱাৰ পৰিৱৰ্তে অভিনেত্ৰী হ’বলৈহে প্ৰেৰণা যোগাই  বুলি মন্তব্য কৰে।



শ্বেইফ আলী খানে কয় যে, ‘ মই সদায় ছাৰাক ষ্টাৰ হোৱাৰ পৰিৱৰ্তে অভিনেত্ৰী হ’বলৈ উৎসাৱ দিও, এগৰাকী যুৱতী হিচাপে শ্বাৰা আলী খান যথেষ্ট ভাল।



পিছত সাংবাদিকে ছাৰা আৰু আৰিয়ানৰ মাজত চলি থকা প্ৰেম কেন্দ্ৰীক বিবাদৰ বিষয়ে শ্বেইফ আলী খানক প্ৰশ্ন কৰাত শ্বেইফ আলী খানে কয় যে, নিজৰ জীৱন কিদৰে আগবঢ়াই নিব লাগে ছাৰাই ভালদৰেই জানে। ছাৰাই সদায় সকলোৰে ভালটোৱেই বিচাৰে। যদি ছাৰাই আৰিয়ানক পচণ্ড কৰে, তেন্তে সিও ভাল ল’ৰাই হ’ব।’

 
আৰু চাওক পৰৱৰ্তী বাতৰি