মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»আয়ুষ্মান খুড়ানাৰ ‘বালা’ ক আদৰিছে দৰ্শকে, প্ৰথম দিনাই বক্স অফিচত চমকপ্ৰ’দ উত্থান

আয়ুষ্মান খুড়ানাৰ ‘বালা’ ক আদৰিছে দৰ্শকে, প্ৰথম দিনাই বক্স অফিচত চমকপ্ৰ’দ উত্থান

News18-Assam
Updated:November 9, 2019, 3:08 PM IST
আয়ুষ্মান খুড়ানাৰ ‘বালা’ ক আদৰিছে দৰ্শকে, প্ৰথম দিনাই বক্স অফিচত চমকপ্ৰ’দ উত্থান
শুকুৰবাৰে মুক্তি পালে আয়ুষ্মান খুড়ানা, ভূমি পেডনেকাৰ আৰু য়ামী গৌতম অভিনীত ছবি ‘বালা’

শুকুৰবাৰে মুক্তি পালে আয়ুষ্মান খুড়ানা, ভূমি পেডনেকাৰ আৰু য়ামী গৌতম অভিনীত ছবি ‘বালা’

  • Share this:
আয়ুষ্মান খুড়ানা, ভূমি পেডনেকাৰ আৰু য়ামী গৌতম অভিনীত ছবি ‘বালা’ শুকুৰবাৰে মুক্তি পালে। মুক্তিৰ পিছতে ছবিখন চাই  আপ্লুত হৈছে দৰ্শক। ছবিখনে চলচিত্ৰ সমালোচকৰ পৰাও লাভ কৰিছে উচ্চ প্ৰশংসা। দেশৰ প্ৰায় সকলো ফ্লীম ৰিভিও’ সংস্থাই ছবিখনক পাঁচৰ ভিতৰত ৪.৫ ৰেটিং দিছে। ব্যতিক্ৰমী কাহিনীৰে নিৰ্মাণ কৰা ছবিখনত আয়ুষ্মান খুড়ানাৰ অভিনয়েও মোহিত কৰিছে দৰ্শকক।


ছচিয়েল মিডিয়াতো ছবিখনকলৈ চলিছে বিশেষ চৰ্চা। ছবিখনে মুক্তিৰ প্ৰথমদিনাই বক্স অফিচতো বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হয়। দৰ্শকৰ সঁহাৰিলৈ চাই অমৰ কৌশিকৰ পৰিচালিত ছবিখনে শনিবাৰ আৰু দেওবাৰেও যে  চমকপ্ৰদ ব্যৱসায় কৰিব সেয়া নিশ্চিত।






শুকুৰবাৰে ছবিখনে উপাৰ্জন কৰিলে ১০.১৫ কোটি টকা ব্যৱসায় কৰিবলৈ সক্ষম হয়। মাউথ পাব্লিচিটিয়েও ছবিখনৰ সফলতাত বিশেষ অৰিহণা যোগাইছে।


First published: November 9, 2019, 1:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি