গুৱাহাটীলৈ আহি আছে বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী শংকৰ মহাদেৱন, সুনিধি চৌহান

News18 Assam | News18-Assam
Updated:January 7, 2020, 2:11 PM IST
গুৱাহাটীলৈ আহি আছে বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী শংকৰ মহাদেৱন, সুনিধি চৌহান
খেলো ইন্ডিয়াৰ বাবে সাজু গুৱাহাটী, ১০ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব তৃতীয় বৰ্ষৰ খেলো ইণ্ডিয়া ইউথ গেমছ।

খেলো ইন্ডিয়াৰ বাবে সাজু গুৱাহাটী, ১০ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব তৃতীয় বৰ্ষৰ খেলো ইণ্ডিয়া ইউথ গেমছ।

  • Share this:
১০ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব তৃতীয় বৰ্ষৰ খেলো ইণ্ডিয়া ইউথ গেমছ। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ ১০ জানুৱাৰীৰ উদ্বোধনী সমাৰোহত গীত পৰিবেশন কৰিব বলীউদৰ জনপ্ৰিয় সংগীত শিল্পী শংকৰ মহাদেৱন আৰু সুনিধি চৌহানে। NEWS18ক এই কথা জনালে ছাত্ৰ আৰু ক্ৰীড়া কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিব লক্ষ্য কোঁৱৰে।

শুকুৰবাৰৰ সন্ধিয়াৰ উদ্বোধনী সমাৰোহ হ’ব মুঠ ৯০ মিনিটৰ। স্থানীয় শিল্পীয়েও সেইদিনা পৰিৱেশন কৰিব নিজৰ কাৰ্যসূচী। উল্লেখযোগ্য যে এইবাৰৰ তৃতীয় বৰ্ষৰ ৰাষ্ট্ৰীয় খেলো ইণ্ডিয়াত ২০টা ইভেন্টত দেশৰ মুঠ ৬ হাজাৰ খেলুৱৈয়ে অংশ ল’ব।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি