ইফটাৰ পাৰ্টীত অভিনেতা আৰবাজ খানৰ প্ৰেয়সীৰ অথন্তৰ!

আৰবাজ খানৰ প্ৰেয়সীক দোপাট্টা থিক কৰিবলৈ ক’লে ভগ্নী অৰ্পিতাই

news18assam
Updated:June 5, 2019, 11:51 AM IST
ইফটাৰ পাৰ্টীত অভিনেতা আৰবাজ খানৰ প্ৰেয়সীৰ অথন্তৰ!
আৰবাজ খানৰ প্ৰেয়সীক দোপাট্টা থিক কৰিবলৈ ক’লে ভগ্নী অৰ্পিতাই
news18assam
Updated: June 5, 2019, 11:51 AM IST
প্ৰতিবাৰেই চৰ্চাত থাকে বাবা ছিদ্দিকীৰ  ইফটাৰ পাৰ্টী । বাবা ছিদ্দিকৰ ইফটাৰ পাৰ্টীতে বহুদিনীয়া শত্ৰুতা অৱসান ঘটিছিল বলিউডৰ দুই অভিনেতা শ্বাহৰুখ খান আৰু ছলমান খানৰ। ২০১৯ ৰ ঈদৰ প্ৰাকমুহূৰ্ততো মঙলবাৰে বাবা ছিদ্দিকে আয়োজন কৰিছিল ইফটাৰ পাৰ্টী। ইফটাৰ পাৰ্টীত উপস্থিত আছিল বলিউডৰ বহুকেইগৰকী নামী দামী তাৰকা। ইফটাৰ পাৰ্টীত অভিনেতা আৰবাজ খানৰ প্ৰেয়সী জাৰ্জিয়া আৰু ভগ্নী অৰ্পিতা খানৰ এটা ভিডিঅ’ই এতিয়া ব্যাপক ভাবে চৰ্চা লাভ কৰিছে ছচিয়েল মিডিয়াত। ইফটাৰ পাৰ্টীলৈ আৰবাজ খানৰ প্ৰেয়সী জাৰ্জিয়াই পৰিধান কৰা পোছাক থিক কৰিবলৈ বাধ্য হ’ল অৰ্পিতা খান।



ভিডিঅ’টোত অৰ্পিতা এখন টেবুলত বহি আছিল আৰু কাষতে ৰৈ আছিল আৰবাজ আৰু জাৰ্জিয়া। জৰ্জিয়াই পিন্ধা পোছাকে যথেষ্ট বিতুষ্ট কৰি তুলিছিল অৰ্পিতাক,পিছত জৰ্জিয়াক ওচৰলৈ মাতি পোছাক থিক কৰিবলৈ কয় অৰ্পিতাই। অৰ্পিতাৰ কথা শুনি কিছু অপ্ৰস্তুত হৈ পৰে জাৰ্জিয়া। অৰ্পিতাৰ কথা শুনি লগে লগে নিজৰ পোছাক ঠিকো কৰে আৰবাজ খানৰ প্ৰেয়সী জাৰ্জিয়াই। কিন্তু সিমানতো অৰ্পিতা সন্তুষ্ট নহৈ নিজে জৰ্জিয়াৰ পোছাক ঠিক  কৰাৰ চেষ্টা কৰে। ইফটাৰ পাৰ্টীত জাৰ্জিয়া আৰু অৰ্পিতাৰ আচৰণে এতিয়া আমাদ দিছে ছচিয়েল মিডিয়াত।


আৰু চাওক পৰৱৰ্তী বাতৰি