মলাইকা অৰোৰাই শ্বেয়াৰ কৰিলে ফটো, অৰ্জুন কাপুৰে খুজিলে ক্ৰেডিট

মলাইকা অৰোৰাই শ্বেয়াৰ কৰা এখন ফটোত কি কমেণ্ট কৰিলে অৰ্জুন কাপুৰে?

News18-Assam
Updated:June 29, 2019, 4:40 PM IST
মলাইকা অৰোৰাই শ্বেয়াৰ কৰিলে ফটো, অৰ্জুন কাপুৰে খুজিলে ক্ৰেডিট
মলাইকা অৰোৰাই শ্বেয়াৰ কৰা এখন ফটোত কি কমেণ্ট কৰিলে অৰ্জুন কাপুৰে?
News18-Assam
Updated: June 29, 2019, 4:40 PM IST
বিগত কিছুদিন ধৰি নিউয়ৰ্কত বন্ধ পালন কৰি আছে অৰ্জুন কাপুৰ আৰু মলাইকা অৰোৰাই। অৰ্জুন কাপুৰে নিজৰ জন্মদিনতে এই পৰিকল্পনা কৰিছে। ২৫ জুনত অৰ্জুন কাপুৰৰ জন্মদিনটোত মলাইকাই দুয়োৰে এখন বিশেষ ফটো আপলোড কৰিছিল। ফটোখনৰ সৈতে এটা মেছেজ লিখি অৰ্জুন কাপুৰৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। ভেকেচনৰ অৰ্জুন আৰু মলাইকাৰ প্ৰতিখন ফটো প্ৰত্যক্ষ কৰি উমান কৰিব পাৰি যে দুয়োৰে মাজত গঢ়ি উঠিছে এটা সুন্দৰ সম্বন্ধ।

মলাইকাই কিছুদিন পূৰ্বে এখন কালাৰফুল আৰু বিন্দাছ ফটো শ্বেয়াৰ কৰিছে। ফটোখনৰ কেপচনত মলাইকাই লিখিছে যে '#pride #onlylove #pride🌈 #pridenyc' । ফটোখন শ্বেয়াৰ কৰাৰ পিছতে প্ৰথমটো কমেণ্ট আছিল অৰ্জুন কাপুৰৰ। কমেণ্টত তেওঁ লিখিছে ‘ফটো ক্ৰেডিট ??’। কমেণ্টৰ দ্বাৰাই বুজিব পাৰি যে মলাইকাৰ এই আকৰ্ষণীয় ফটোখন অৰ্জুন কাপুৰে তুলিছে।



কেৱল এইফটোখনতেই নহয়, মলাইকাই শ্বেয়াৰ কৰা প্ৰতিখন ফটোতে অৰ্জুন কাপুৰে কমেণ্ট কৰা দেখা যায়। তেওঁলোকৰ এই কেমেষ্ট্ৰী অনুৰাগীয়ে যথেষ্ট পচন্দ কৰে। এই কাৰণতেই মলাইকাৰ এই ফটোখনো যথেষ্ট ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।



পূৰ্বেই অৰ্জুন কাপুৰে মলাইকাৰ সৈতে থকা সম্বন্ধৰ কথা স্বীকাৰ কৰিছে যদিও বিবাহৰ কথা নাকচ কৰিছে দুয়োজনে। অৰ্জুন কাপুৰে ক’লে যে মিডিয়াই তেওঁলোকৰ সম্বন্ধক সন্মান দিছে যাৰ বাবে তেওঁলোকে এই সম্বন্ধৰ কথা লুকাই থোৱা নাই।
আৰু চাওক পৰৱৰ্তী বাতৰি