মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»KBC 13: বোৱাৰী ঐশ্বৰ্য ৰায়ৰ সৈতে ঘৰতে Kaun Banega Crorepati খেলে শহুৰ অমিতাভ বচ্চনে...

KBC 13: বোৱাৰী ঐশ্বৰ্য ৰায়ৰ সৈতে ঘৰতে Kaun Banega Crorepati খেলে শহুৰ অমিতাভ বচ্চনে...

Kokil Sarma | News18-Assam
Updated:August 24, 2021, 10:50 AM IST
KBC 13: বোৱাৰী ঐশ্বৰ্য ৰায়ৰ সৈতে ঘৰতে Kaun Banega Crorepati খেলে শহুৰ অমিতাভ বচ্চনে...
photo-Instagram @aishwaryaraibachchan_arb

TVৰ জনপ্ৰিয় ৰিয়েলিটি গেম শ্ব' 'Kaun Banega Crorepati'ৰ ১৩ তম চিজন সোমবাৰে আৰম্ভ হয়। অমিতাভ বচ্চন (Amitabh Bachchan Host KBC) অনুষ্ঠানটোৰ সৈতে টিভিত পুনৰ প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু হৈছে।

  • Share this:
TVৰ জনপ্ৰিয় ৰিয়েলিটি গেম শ্ব' 'কৌন বনেগা কৰোড়পতি'ৰ ১৩ তম চিজন সোমবাৰে আৰম্ভ হয়। অমিতাভ বচ্চন (Amitabh Bachchan Host KBC) অনুষ্ঠানটোৰ সৈতে টিভিত পুনৰ প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু হৈছে। অমিতাভ বচ্চন দুটা দশকৰো অধিক সময় ধৰি অনুষ্ঠানটোৰ সৈতে জড়িত হৈ আছে।

'KBC 13'ৰ প্ৰিমিয়াৰৰ আগতে, অমিতাভ বচ্চনৰ পৰিয়ালে তেওঁৰ অনুষ্ঠানটোত কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল। ২০১৯ চনত অনুষ্ঠানটোৰ এখন সংবাদমেলত অমিতাভ বচ্চনে প্ৰকাশ কৰিছিল যে তেওঁৰ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চন আৰু কন্যা শ্বেতা বচ্চন নন্দাই ঘৰত খেলখন (KBC) খেলিছিল। বিগ বিয়ে কৈছিল, "মোৰ পৰিয়ালৰ সকলোৱে কেবিচি উপভোগ কৰে। জয়াই সকলো কাম এৰি এই অনুষ্ঠানবোৰ চায়।"

অমিতাভ বচ্চনে কয়, "মোৰ পৰিয়ালৰ সকলো সদস্যই কেবিচি খেলিছে। কেতিয়াবা শ্বেতা, কেতিয়াবা ঐশ্বৰ্য ঘৰত বহি খেলে। তেওঁৰ নাতিনী আৰাধ্যায়ো কেবিচিৰ চৰিত্ৰত অভিনয় কৰে নেকি বুলি সোধাত, বিগ বিয়ে ব্যাখ্যা কৰিছিল যে কেতিয়াবা আমি ঘৰত বহি প্ৰশ্ন সুধিছিলো। তেওঁ আমাক সোধে যে আমি এই প্ৰশ্নৰ উত্তৰ দিব পাৰিম নে নাই?

'কেবিচি ১৩' Sony Tvত অন এয়াৰ হয়। নিশা ৯ বজাৰ পৰা দৰ্শকে ইয়াক চনি টিভি আৰু চনি লাইভ এপত পোনপটীয়াকৈ চাব পাৰে। অনুষ্ঠানটোৰ দৃশ্যগ্ৰহণত এইবাৰ নতুন প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। ইয়াক পৰিচালনা কৰিছে 'দঙ্গল' চলচ্চিত্ৰখনৰ পৰিচালক নিতেশ তিৱাৰীয়ে।
Published by: Kokil Sarma
First published: August 24, 2021, 10:50 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি