সঁচাকৈ বিবাহপাশত আৱদ্ধ হ’ল নে কি ৰণবীৰ–আলিয়া? ভাইৰেল ফটোৰ সত্য কি?

বিবাহৰ ফটোক লৈ চলিছে তুমুল চৰ্চা!

News18-Assam
Updated:September 4, 2019, 4:16 PM IST
সঁচাকৈ বিবাহপাশত আৱদ্ধ হ’ল নে কি ৰণবীৰ–আলিয়া? ভাইৰেল ফটোৰ সত্য কি?
বিবাহৰ ফটোক লৈ চলিছে তুমুল চৰ্চা!
News18-Assam
Updated: September 4, 2019, 4:16 PM IST
বিবাহপাশত আৱদ্ধ হ’ল বলিউদৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাট আৰু তাৰকা অভিনেতা ৰণবীৰ কাপুৰ! ছচিয়েল মিডিয়াত ভাইৰেল ফটোৰ আঁত ধৰি এই খবৰ এতিয়া চৰ্চাৰ শীৰ্ষত। দুয়োৰে মাজত প্ৰেমৰ নিবিড় সম্পৰ্কক লৈ সময়ে সময়ে চলি আহিছে চৰ্চাৰ মাজত শেহতীয়া সংযোজন এয়া।

উল্লেখ্য যে, দুয়োজনৰ মাজত থকা প্ৰেমৰ সম্পৰ্কৰ কথা  তাৰকা দুগৰাকীয়ে নিজে স্বীকাৰ কৰিছিল জনপ্ৰিয় টেলিভিশ্যন শ্ব’ কফি উইড কৰণত। ইয়াৰ উপৰি বিভিন্ন সময়ত দুয়োজনকে বিভিন্ন অনুষ্ঠানত একেলগে অংশ লোৱাও দেখা যায়। আলিয়া আৰু ৰণবীৰৰ পৰিয়ালৰ মাজতো আছে এক সু সম্পৰ্ক। এই সকলোবোৰ কথা সকলোৰে জ্ঞাত।

কিন্তু শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰণবীৰ আৰু আলিয়াৰ বিয়াৰ কিছু ফটো। ফটোবোৰ দেখাৰ লগে লগে অনুৰাগীৰ মাজত বৃদ্ধি পাইছে উৎসুকতা। সকলোৱে জানিব বিচাৰিছে ফটো সমূহৰ আচল ৰহস্য।

 

কিয়নো ভাইৰেল হোৱা ফটো সমূহত আলিয়াক সম্পূৰ্ণৰূপে নকইনাৰ সাজত দেখা গৈছে। আনহাতে ৰণবীৰকো দেখা গৈছে দৰাৰ সাজত।

বিয়াৰ সাজত থকা এই ফটো সমূহ এটা ফেনপেজে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে। শ্বেয়াৰৰ লগে লগে বহু অনুৰাগীয়ে দুয়োৰে বিয়া হৈ গ’ল নেকি বুলি প্ৰশ্ন উত্থাপন কৰে।





আচলতে ভাইৰেল হোৱা ফটোসমূহৰ আচল ৰহস্য বেলেগ। কইনাৰ সাজত দেখা আলিয়াৰ ফটো সমূহ সঁচা। কিন্তু ৰণবীৰ কাপুৰৰ ফটো সম্পাদনা কৰিহে দৰাৰ ৰূপত উপস্থাপন কৰা হৈছে।

উল্লেখ্য যে অলপতে এটা বিজ্ঞাপনৰ শ্বুটত কইনাৰ সাজ পৰিধান কৰিছিল আলিয়া ভাটে। শ্বুটিঙত আলিয়াৰ সৈতে ৰণবীৰ নহয় দৰাৰ সাজত অন্য মডেলহে আছিল। কিন্তু একাংশই এই ফটোসমূহ এডিট কৰি ছ’চিয়েল মিডিয়াত এৰি দিছিল।

 
আৰু চাওক পৰৱৰ্তী বাতৰি