পিন্ধনত ক’লা ৰঙৰ লুঙী, ডিঙিত শকত চেইন, ‘বচ্চন পাণ্ডে’ত অক্ষয় কুমাৰৰ নতুন ‘Look’!

মুকলি কৰা হ’ল ‘Bachchan Pandey’ ৰ প্ৰথমখন ‘Official Poster’, ছচিয়েল মিডিয়াত বিশেষ চৰ্চা!

News18-Assam
Updated:July 26, 2019, 6:52 PM IST
পিন্ধনত ক’লা ৰঙৰ লুঙী, ডিঙিত শকত চেইন, ‘বচ্চন পাণ্ডে’ত অক্ষয় কুমাৰৰ নতুন ‘Look’!
মুকলি কৰা হ’ল ‘Bachchan Pandey’ ৰ প্ৰথমখন ‘Official Poster’, ছচিয়েল মিডিয়াত বিশেষ চৰ্চা!
News18-Assam
Updated: July 26, 2019, 6:52 PM IST
অক্ষয় কুমাৰৰ ছবি বুলি ক’লেই এতিয়া বক্স অফিছত ধুমুহা! বিভিন্ন সময়ত অগতানুগতিক ছবিত অভিনয় কৰি সদায় দৰ্শকৰ হৃদয় জয় কৰি আহিছে বলিউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰে। অক্ষয় কুমাৰ এতিয়া ব্যস্ত তেওঁৰ নৱতম ছবি ‘মিছন মংগল’ ছবিৰ প্ৰচাৰত। অহা ১৫ আগষ্ট তাৰিখে সমগ্ৰ দেশতে মুক্তিলাভ কৰিব ছবিখনে। তেনে সময়তে এইবাৰ মুকলি কৰা হ’ল অক্ষয় কুমাৰৰ অন্য এখন ছবি ‘Bachchan Pandey’ ৰ প্ৰথমখন ‘Official Poster’।



পোষ্টাৰ মুকলি কৰাৰ লগে লগেই এতিয়া ছবিখনক লৈ ছচিয়েল মিডিয়াত চলিছে ব্যাপক চৰ্চা। পোষ্টাৰ খনত অক্ষয় কুমাৰক দেখা গ’ল এক ব্যতিক্ৰমী ৰূপত। অক্ষয় কুমাৰক ক’লা ৰঙৰ লুঙী আৰু ডিঙিত শকত চেইন পৰিধান কৰা দেখা গ’ল পোষ্টাৰ খনত। 2020 চনৰ বৰদিনত ছবিখনে মুক্তি লাভ কৰিব। ফাৰহাদ চামজীয়ে পৰিচালনা কৰা ছবিখন প্ৰযোজনা কৰা হৈছে Nadiadwala Grandson Entertainment Pvt Ltd ৰ বেনাৰত



ইয়াৰ পিছতে ছবিগৃহলৈ আহিব অক্ষয় কুমাৰে অভিনয় কৰা ছবি ক্ৰমে সূৰ্যবংশী, হাউচফুল ৪, বম্বে লক্ষ্মী আৰু গুড নিউজৰ দৰে বিগ বাজেটৰ ছবি।
আৰু চাওক পৰৱৰ্তী বাতৰি