কপালত ফোঁট, পিন্ধনত শাৰী, পূজা চাবলৈ গৈছে অক্ষয় কুমাৰ!

লক্ষ্মী বোম্বৰ পোষ্টাৰত অক্ষয় কুমাৰক দেখা গৈছে মহিলাৰ সাঁজত

News18-Assam
Updated:October 3, 2019, 3:13 PM IST
কপালত ফোঁট, পিন্ধনত শাৰী, পূজা চাবলৈ গৈছে অক্ষয় কুমাৰ!
লক্ষ্মী বোম্বৰ পোষ্টাৰত অক্ষয় কুমাৰক দেখা গৈছে মহিলাৰ সাঁজত
News18-Assam
Updated: October 3, 2019, 3:13 PM IST
বলীউডৰ খিলাড়ী অক্ষয় কুমাৰ এই কেইদিন বিশেষ চৰ্চাত আছে। অলপতে মুক্তি পালে অক্ষয় কুমাৰ অভিনীত নৱতম ছবি হাউচফুল–4 ৰ অফিচিয়েল ট্ৰেইলাৰ। ট্ৰেইলাৰটোত অক্ষয় কুমাৰৰ নতুন ‘Look’এ মোহিত কৰিছে সকলোকে। অহা ২৬ অক্টোবৰত মুক্তিলাভ কৰিবলগীয়া ছবিখনৰ বাবে এতিয়া সকলোৱে আগ্ৰহেৰে বাট চাইছে।



আজি মুকলি হৈছে অক্ষয় কুমাৰৰ অন্য এখন আহিবলগীয়া নতুন ছবিৰ পষ্টাৰ। নতুন ছবি ‘লক্ষ্মী বোম্ব’ৰ প্ৰথমখন অফিচিয়েল প’ষ্টাৰত ব্যতিক্ৰমী ৰূপত দেখা গ’ল অক্ষয় কুমাৰক। পষ্টাৰখনত অক্ষয় কুমাৰক কপালত ফোঁটলৈ শাৰী পিন্ধা দেখা গৈছে। প’ষ্টাৰ মুক্তিৰ পিছতে অক্ষয়ৰ মহিলা Look এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।



 

প’ষ্টাৰ খনত দুৰ্গা মাৰ মুৰ্তিৰ সন্মুখত অক্ষয় কুমাৰক ৰঙা শাৰী পৰিধান কৰা দেখা গৈছে। বলীউডৰ ছবিত অক্ষয় কুমাৰ প্ৰথমবাৰৰ বাবে এনে ধৰণৰ চৰিত্ৰত অভিনয় কৰিছে। ছবিখন ২০২০ চনৰ ৫ জুনত মুক্তি লাভ কৰিব।
আৰু চাওক পৰৱৰ্তী বাতৰি