১২ বছৰৰ পিছত আকৌ একেলগে অজয় দেৱগন–কাজল, তানাজীৰ ‘First Look’ মুকলি

News18-Assam
Updated:November 18, 2019, 12:46 PM IST
১২ বছৰৰ পিছত আকৌ একেলগে অজয় দেৱগন–কাজল, তানাজীৰ ‘First Look’ মুকলি
Source-Google

অভিনেতা অজয় দেৱগন আৰু কাজল ২০০৮ চনত মুক্তিলাভ কৰা ‘U Me Aur Hum’ ছবিখনত শেষ বাৰৰ বাবে একেলগে অভিনয় কৰিছিল।আৰু এতিয়া কাজলে Tanaji: The Unsung Warrior ছবিখনত সাৱিত্ৰী বাঈৰ চৰিত্ৰত অভিনয় কৰিছে।

  • News18 Assam
  • Last Updated: November 18, 2019, 12:46 PM IST
  • Share this:
অজয় দেৱগনৰ নতুন ছবি ‘Tanaji: The Unsung Warrior’ ছবিখন এতিয়া ব্যাপক চৰ্চাত। এই ছবিখন অজয় দেৱগনৰ কেৰিয়াৰৰ ১০০ নম্বৰৰ ছবি।  ছবিখনৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হ’ল, ছবিখনত অজয় দেৱগনৰ লগত অভিনয় কৰিছে, পত্নী তথা অভিনেত্ৰী কাজলে। প্ৰায় ১২ বছৰৰ পিছত দুয়ো একেলগে অভিনয় কৰিছে ছবিখনত।



ছবিখনতো কাজলে অজয় দেৱগনৰ পত্নীৰ চৰিত্ৰতে অভিনয় কৰিছে। সোমবাৰে  অজয় দেৱগনে ছবিখনত কাজলৰ First Look পষ্টাৰ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। উল্লেখযোগ্য যে,অভিনেতা অজয় দেৱগন আৰু কাজল ২০০৮ চনত মুক্তিলাভ কৰা ‘U Me Aur Hum’ ছবিখনত শেষ বাৰৰ বাবে একেলগে অভিনয় কৰিছিল।



কাজলে ছবিখনত সাবিত্ৰী বাঈৰ চৰিত্ৰত অভিনয় কৰিছে। পষ্টাৰ খনত কাজলক অতি শক্তিশালী ৰূপত দেখা গৈছে। পষ্টাৰখন শ্বেয়াৰ কৰি অজয় দেৱগনে লিখিছে, ‘সাবিত্ৰী বাঈ– তানাজীৰ সাহস আৰু প্ৰেৰণা’। সেইদৰে কাজলে নিজৰ ছচিয়েল মিডিয়াত পষ্টাৰ খন শ্বেয়াৰ কৰি লিখিছে, ‘ মই আপোনাক হাৰিবলৈ নিদিও।’

 
আৰু চাওক
পৰৱৰ্তী বাতৰি