হাস্পতালত ভৰ্তি ছলমান খানৰ হিৰোইন

নিজৰ অসুস্থতাৰ কথা নিজৰ ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰকাশ কৰিছে স্নহাই।

news18assam
Updated:June 3, 2019, 3:48 PM IST
হাস্পতালত ভৰ্তি ছলমান খানৰ হিৰোইন
নিজৰ অসুস্থতাৰ কথা নিজৰ ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰকাশ কৰিছে স্নহাই।
news18assam
Updated: June 3, 2019, 3:48 PM IST
বলীউদৰ দাবাং ছলমান খানৰ সৈতে ছবি জগতত অভিষেক ঘটোৱা অভিনেত্ৰী স্নেহা উলাল চিকিৎসাধীন হোৱা ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে। প্ৰচণ্ড জ্বৰত আক্ৰান্ত হোৱা বাবে স্নেহাক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। নিজৰ অসুস্থতাৰ কথা নিজৰ ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰকাশ কৰিছে। ছচিয়েল মিডিয়াত হাস্পতালৰ বিছনাত শুই থকা দুখন ফটোও শ্বেয়াৰ কৰিছে স্নেহাই।

এই ফটো শ্বেয়াৰ কৰে স্নেহাই লিখিছে – প্ৰথমবাৰলৈ জীৱনত হাস্পতালত ভৰ্তি হ’বলগীয়া হৈছে। মোৰ ভীষণ জ্বৰ। বহু চিকিৎসাৰ পিছত এতিয়া হাস্পতালত ভৰ্তি হ’বলগীয়া হৈছে। এয়া ভয় লগা কথা কিন্তু মই শীঘ্ৰে সুস্থ হৈ উঠিম। মোক আৰাম কৰিবলৈ কোৱা হৈছে। মই উদাস হৈছো কিন্তু মোৰ ওচৰত নেটফ্লিক্স আৰু চোৱাচিতাৰ বাবে বহু মানুহ আছে। ঘৰলৈ যাবলৈ অধৈৰ্য হৈ পৰিছো।

 





স্নেহাৰ এই পোষ্টটোৰ পিছতে অনুৰাগী আৰু ফলোৱাৰসকলে Get well soon, Take care আদি মেছেজেৰে সুস্থ হোৱাৰ কামনা কৰিছে। উল্লেখযোগ্য যে ‘লাকী’ ছবিৰ জৰিয়তে স্নেহাই আৰম্ভ কৰিছিল নিজৰ কেৰিয়াৰ। এই ছবিখনত ছলমানৰ সৈতে দেখা গৈছিল স্নেহাক। স্নেহাক ঐশ্বৰ্য ৰায়ৰ সৈতেও তুলনা কৰা হৈছেল। ‘লাকী’ৰ পিছত স্নেহাই দাক্ষিণাত্যৰ ছবি জগতত পদাৰ্পণ কৰে। কেইবাখনো তেলেগু ছবিত অভিনয় কৰিছে স্নেহাই। ২০১৫ চনত হিন্দী ছবি ‘বেজুবা ইস্ক’ত দেখা গৈছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি