মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»বলীউদৰ সবাতোকৈ দামী গাড়ী ক্ৰয় কৰা অভিনেত্ৰী হ'ল কৃতি সেনন

বলীউদৰ সবাতোকৈ দামী গাড়ী ক্ৰয় কৰা অভিনেত্ৰী হ'ল কৃতি সেনন

News18 Assam | News18-Assam
Updated:September 13, 2021, 9:35 AM IST
বলীউদৰ সবাতোকৈ দামী গাড়ী ক্ৰয় কৰা অভিনেত্ৰী হ'ল কৃতি সেনন
Photo : carandbike.com

কৃতি সেননে শেহতীয়াকৈ ক্ৰয় কৰিছে বিশ্বৰ সৰ্বাধিক মূল্যৰ গাড়ীসমূহৰ ভিতৰত অন্যতম Mercedes Maybach Gls ৬০০।

  • News18 Assam
  • Last Updated: September 13, 2021, 9:35 AM IST
  • Share this:
Photoবলীউডৰ মোহময়ী অভিনেত্ৰী কৃতি সেননৰ এতিয়া ভাল দিন চলিছে। ইখনৰ পিছত সিখন ছবি ছুপাৰহিট হোৱাৰ পিছত কৃতিৰ পাৰিশ্ৰমিকৰ পৰিমাণো বৃদ্ধি পাইছে। বৰ্তমান এখন ছবিৰ বাবদ কৃতি সেননে পাৰিশ্ৰমিক হিচাপে লয় ২ কোটি টকা। বছৰি প্ৰায় ৫ কোটি টকা উপাৰ্জন কৰা কৃতি সেননে শেহতীয়াকৈ ক্ৰয় কৰিছে বিশ্বৰ সৰ্বাধিক মূল্যৰ গাড়ীসমূহৰ ভিতৰত অন্যতম Mercedes Maybach Gls ৬০০। এইখন গাড়ীৰ বৰ্তমান বজাৰ মূল্য ভাৰতীয় বজাৰত প্ৰায় ২ কোটি ৪৩ লাখ।

মাৰ্চিডিজৰ এই ব্যয়বহুল বিলাসী এছইউভি চিৰিজৰ গাড়ীখন ক্ৰয় কৰা কৃতি হৈছে বলীউদৰ একমাত্ৰ অভিনেত্ৰী। শেহতীয়াভাৱে মুম্বাইৰ ছাণ্টাক্ৰুজত থকা মেড'ক ফিল্ম চিটিৰ কাৰ্যালয়ত কৃতিৰ এই নতুন গাড়ীখন দেখা গৈছে। নেটফ্লিক্সৰ ছবি মিমিৰ সফলতাৰ চিন স্বৰূপে কৃতিয়ে এই গাড়ীখন ক্ৰয় কৰিছে বুলি জানিব পৰা গৈছে।

ইয়াৰ পূৰ্বে বলীউদৰ অভিনেতা তথা দীপিকা পাডুকনৰ স্বামী ৰণবীৰ সিং আৰু অভিনেতা  অৰ্জুণ কাপুৰেও এই গাড়ীখন ক্ৰয় কৰিছিল।
Published by: Sanjay Kumar Das
First published: September 13, 2021, 9:24 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি