• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • নতুন ষ্টাৰ কিডৰ অভিষেক, YRFৰ হাতত ধৰি বলীউদত প্ৰৱেশ আমীৰ খানৰ পুত্ৰ জুনেইদ খানৰ

নতুন ষ্টাৰ কিডৰ অভিষেক, YRFৰ হাতত ধৰি বলীউদত প্ৰৱেশ আমীৰ খানৰ পুত্ৰ জুনেইদ খানৰ

বলীউদৰ খোজ দিয়াৰ দিশত আগবাঢ়িছে আমীৰ খানৰ পুত্ৰ জুনেইদ।

বলীউদৰ খোজ দিয়াৰ দিশত আগবাঢ়িছে আমীৰ খানৰ পুত্ৰ জুনেইদ।

বলীউদৰ খোজ দিয়াৰ দিশত আগবাঢ়িছে আমীৰ খানৰ পুত্ৰ জুনেইদ।

  • Share this:
বলীউদলৈ আমীৰ খানৰ পুত্ৰ জুনেইদ খান। য়ছৰাজ ফিল্মৰ বেনাৰত নিৰ্মাণ হ’বলগীয়া এখন ছবিত দেখা যাব আমীৰ খানৰ পুত্ৰক। যদিও এই বিষয়ে তেওঁ মুখ খুলি কোৱা নাই।

আমীৰ খানৰ সৈতে ৰীণা দত্তৰ বিয়া হৈছিল ১৯৮৬ চনত। তেওঁলোকৰ দুটি সন্তান জুনেইদ আৰু ইৰা। ছচিয়েল মিডিয়া পোষ্টৰ মাধ্যমেৰে ইতিমধ্যে ইৰাই বলীউদত প্ৰৱেশ কৰিবলৈ আগ্ৰহী বুলি স্পষ্টকৈ জনাইছে। কিন্তু এই পৰ্যন্ত জুনেইদৰ সন্দৰ্ভত কোনো কথা স্পষ্ট হোৱা নাছিল।

খবৰ অনুসৰি, য়ছৰাজ ফিল্মছৰ ৫০ বছৰীয়া বাৰ্ষিকীত মুক্তি পাবলগীয়া ‘মহাৰাজা’ ছবিত অভিনয় কৰিব জুনেইদ খানে। ব্ৰিটিছ শাসিত ভাৰতৰ আধাৰত লিখা হৈছে ছবিখনৰ চিত্ৰনাট্য। জুনেইদৰ বিপৰীতে নায়িকাৰ চৰিত্ৰত অভিনয় কৰিব বাণ্টি অৌৰ বাবলীৰ অভিনেত্ৰী সৰ্বতীয়ে। ছবিখনৰ পৰিচালনাৰ দায়িত্বত সিদ্ধাৰ্থ পি মলহোত্ৰা।

এই পৰ্যন্ত আৰম্ভ হোৱা নাই ছবিখনৰ শ্বুটিং। খবৰ অনুসৰি, মালদ্বীপত হ’ব ছবিখনৰ শ্বুটিং। আশা কৰা মতে, অহা বছৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ’ব ছবিখনৰ প্ৰডাকশ্যনৰ কাম-কাজ।
Published by:Himangshu Bhuyan
First published: