Dating Appত অনুৰাগ তনয়া আলিয়া কাশ্যপৰ প্ৰফাইল ! অনুৰাগীসকলক কিয় নিজৰ প্ৰফাইল Report আৰু Block কৰিবলৈ ক'লে আলিয়াই ?

News18 Assam | News18-Assam
Updated:June 9, 2021, 6:43 PM IST
Dating Appত অনুৰাগ তনয়া আলিয়া কাশ্যপৰ প্ৰফাইল ! অনুৰাগীসকলক কিয় নিজৰ প্ৰফাইল Report আৰু Block কৰিবলৈ ক'লে আলিয়াই ?
photo- @AaliyahKashyap

ছবি নিৰ্মাতা অনুৰাগ কাশ্যপৰ কন্যা আলিয়া কাশ্যপক ছ'চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় হৈ থকা দেখিবলৈ পোৱা যায় । ইউটিউব ভিডিঅ'ৰ (Youtube Videos) জৰিয়তে সঘনাই বাতৰিৰ শিৰোনামলৈ অহা আলিয়াই বৰ্তমান তেওঁৰ পিতৃৰ শুশ্ৰূষাত ব্যস্ত।

  • Share this:
ছবি নিৰ্মাতা অনুৰাগ কাশ্যপৰ কন্যা আলিয়া কাশ্যপক ছ'চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় হৈ থকা দেখিবলৈ পোৱা যায় । ইউটিউব ভিডিঅ'ৰ (Youtube Videos) জৰিয়তে সঘনাই বাতৰিৰ শিৰোনামলৈ অহা আলিয়াই বৰ্তমান তেওঁৰ পিতৃৰ শুশ্ৰূষাত ব্যস্ত। আলিয়াই অলপতে ডেটিং এপ OkCupidত নিজৰ এটা ভুৱা প্ৰ'ফাইল সৃষ্টি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে । তেওঁ প্ৰ'ফাইলটোৰ এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি তেওঁ সকলোকে একাউন্টটো ব্লক কৰাৰ লগতে ৰিপোৰ্ট কৰিবলৈও অনুৰোধ জনায় ।

আলিয়া কাশ্যপে ভুৱা প্ৰ'ফাইলটোৰ এটা স্ক্ৰীণশ্বট পোষ্ট কৰি লিখিছিল, 'বহুলোকে মোক মেছেজ কৰি কৈছিল যে কোনোবাই ডেটিং এপ OkCupidত মোৰ এটা ভুৱা প্ৰ'ফাইল বনাইছে। মই আপোনালোকক ক'ব বিচাৰিছো যে এই একাউণ্ট মোৰ নহয়, অনুগ্ৰহ কৰি এইটো ৰিপোৰ্ট আৰু ব্লক কৰক। সকলোকে ধন্যবাদ।' প্ৰফাইলটোত আলিয়াক পৰিচালক অনুৰাগ কাশ্যপৰ কন্যা হিচাপেও পৰিচয় কৰোৱা হৈছে। য'ত লিখা হৈছে যে আলিয়াই এই এপটো ব্যৱহাৰ কৰি আছে আৰু যদি আপুনি তেওঁৰ সৈতে কথা পাতিব বিচাৰে তেন্তে বাৰ্তা প্ৰেৰণ কৰক।

উল্লেখ্য যে, পৰিচালক অনুৰাগ কাশ্যপে (Anurag Kashyap) অলপতে হৃদযন্ত্ৰৰ অৱৰোধৰ (Heart Blockage) পিছত এঞ্জিওপ্লাষ্টি (Angioplasty) কৰাইছিল। কিছুদিন পূৰ্বে অনুৰাগ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি আহিছে। শেহতীয়াকৈ, তেওঁৰ জীয়ৰী আলিয়া কাশ্যপে এঞ্জিওপ্লাষ্টিৰ পিছত তেওঁৰ প্ৰথম ভিডিঅ' শ্বেয়াৰ কৰিছিল য'ত অনুৰাগ কাশ্যপৰ চেহেৰা সলনি হোৱা দেখা গৈছিল। আলিয়া কাশ্যপে আমেৰিকাত অধ্যয়ন কৰি আছে আৰু বৰ্তমান মুম্বাইত তেওঁ পৰিয়ালৰ সৈতে আছে।

উল্লেখ্য যে, সততে ইউটিউবৰ জৰিয়তে বাতৰিৰ শিৰোনামত থকা আলিয়াই পূৰ্বে ইউটিউব চেনেলত পোষ্ট কৰা এটা ভিডিঅ'ত নিজকে চলচ্চিত্ৰ উদ্যোগৰ পৰা আঁতৰাই ৰখা সন্দৰ্ভত মন্তব্য কৰিছিল। তেওঁ নিজৰ বলীউড সংযোগৰ বিষয়ে কেনে অনুভৱ কৰে সেই বিষয়ে অনুৰাগীৰ প্ৰশ্নৰ উত্তৰ দিছিল। তেওঁ কৈছিল 'মোক এই প্ৰশ্নটো বহুতে সুধিছিল কিন্তু মই ইয়াক এৰাই চলিছো কাৰণ মই প্ৰকৃততে বলীউড উদ্যোগৰ সৈতে সম্পৰ্কিত নহয়। হয়, মোৰ মা-দেউতা বলীউড উদ্যোগত আছে কিন্তু মই বলীউডৰ গ্লেমাৰৰ সৈতে ডাঙৰ হোৱা নাছিলো, আপুনি জানে মই কি বুজাব বিচাৰিছো। মোৰ দেউতাই নিৰ্মাণ কৰা চিনেমাবোৰ বৰ বাণিজ্যিক নহয়। মই নিশ্চিতভাৱে মোৰ মা-দেউতাক চাই ডাঙৰ-দীঘল হৈছিলোঁ কিন্তু মোৰ বাবে, এইটো স্বাভাৱিক যেন লাগিছে কিয়নো মই সেইটোৱেই দেখি ডাঙৰ হৈছিলোঁ। মই ইয়াৰ দ্বাৰা আকৰ্ষিত নহয়। মই সেইটো কৰিব বিচৰা নাই, মই ইয়াৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰি আছো ।'
Published by: Kokil Sarma
First published: June 9, 2021, 6:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি