চনু সুদ স্বভাৱজাত অপৰাধী! বম্বে হাইকৰ্টত কিয় এই শপতনামা? জানক সবিশেষ

অবৈধ নিৰ্মাণৰ (Illegal Construction) গোচৰত এফালে চনু সুদক (Sonu Sood) বম্বে হাইকৰ্টৰ পৰা (Bombay High Court) ডাঙৰ সকাহ দিয়া হৈছে কিন্তু বিএমচিৰ ফালৰ তেওঁৰ ওপৰত লগোৱা হৈছে ডাঙৰ অভিযোগ।
অবৈধ নিৰ্মাণৰ (Illegal Construction) গোচৰত এফালে চনু সুদক (Sonu Sood) বম্বে হাইকৰ্টৰ পৰা (Bombay High Court) ডাঙৰ সকাহ দিয়া হৈছে কিন্তু বিএমচিৰ ফালৰ তেওঁৰ ওপৰত লগোৱা হৈছে ডাঙৰ অভিযোগ।
- News18 Assam
- Last Updated: January 13, 2021, 11:49 AM IST
উল্লেখ্য যে, বিএমচিয়ে যোৱা বছৰ অক্টোবৰ মাহত চনু সুদৰ বিৰুদ্ধে নটিচ জাৰি কৰিছিল। এই নটিচক যোৱা ডিচেম্বৰ মাহত দেৱানী আদালতত প্ৰত্যাহ্বান জনাইছিল চনুৱে। কিন্তু আদালতে তেওঁৰ আৱেদন খাৰিজ কৰে। ইয়াৰ পিছতে তেওঁ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। উচ্চ ন্যায়ালয়ে বিএমচিক এই সন্দৰ্ভত শপতনামা দিবলৈ কয়। বিএমচিৰ অভিযোগ আছিল যে চনু সুদে ছয়মহলীয়া ‘শক্তি সাগৰ’ আৱাসিক ভৱনটো সলনি কৰি বাণিজ্যিক হোটেললৈ পৰিণত কৰিছিল।
নগৰ নিকায়ে নিজৰ শপতনামাত উল্লেখ কৰে, ‘আৱেদনকৰ্তা স্বভাৱজাত অপৰাধী আৰু অকৰ্তৃত্বশীল হিচাপে টকা ঘটিব বিচাৰে। গতিকে তেওঁ লাইচেন্স বিভাগৰ অনুমতি নোলোৱাকৈ ভাঙি পেলোৱা ভৱনৰ অংশত আকৌ অবৈধ নিৰ্মাম কৰি হোটেল হিচাপে ব্যৱহাৰ কৰিবলৈ বিচাৰে।'