অতি অশ্লীল! নিষিদ্ধ হ’ব নেকি ছলমান খানৰ Big Boss 13?

গাজিয়াবাদৰ লোনী বিধানসভাৰ বিজেপি বিধায়ক নন্দকিশোৰ গুৰ্জৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰলৈ ‘বিগ বছ’ নিষিদ্ধ কৰাৰ বাবে প্ৰেৰণ কৰিছে পত্ৰ।

News18-Assam
Updated:October 10, 2019, 10:33 AM IST
অতি অশ্লীল! নিষিদ্ধ হ’ব নেকি ছলমান খানৰ Big Boss 13?
গাজিয়াবাদৰ লোনী বিধানসভাৰ বিজেপি বিধায়ক নন্দকিশোৰ গুৰ্জৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰলৈ ‘বিগ বছ’ নিষিদ্ধ কৰাৰ বাবে প্ৰেৰণ কৰিছে পত্ৰ।
News18-Assam
Updated: October 10, 2019, 10:33 AM IST
অভিনেতা ছলমান খানে আঁত ধৰা জনপ্ৰিয় ৰিয়েলিটী শ্ব’ ‘বিগ বছ ১৩’ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী বিধায়কে। গাজিয়াবাদৰ লোনী বিধানসভাৰ বিজেপি বিধায়ক নন্দকিশোৰ গুৰ্জৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰলৈ ‘বিগ বছ’ নিষিদ্ধ কৰাৰ বাবে প্ৰেৰণ কৰিছে পত্ৰ। বিজেপি বিধায়কজনে পত্ৰত উল্লেখ কৰিছে যে ‘বিগ বছ ১৩’ত মুক্তভাৱে অশ্লীলতাৰ পোহাৰ মেলা হৈছে। এই শ্ব’টো ঘৰুৱা পৰিৱেশত চাব পৰা নাযায় আৰু আমাৰ দেশৰ পুৰণি পৰম্পৰাগত সামাজিক আৰু সংস্কৃতিক মূল্যবোধৰ ক্ষতি কৰিছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে গাজিয়াবাদত ব্ৰাহ্মণ মহাসভাই শ্ব’টোৰ আঁত ধৰোতা ছলমান খানৰ ওপৰত অশ্লীলতাৰ অভিযোগ উত্থাপন কৰি তেওঁৰ পুত্তলিকা দাহ কৰিছিল। ব্ৰাহ্মণ মহাসভাৰ পদাধিকাৰী আদিত্যৰ মতে, যিধৰণে ‘বিগ বছ’ত অশ্লীলতা প্ৰদৰ্শন কৰা হৈছে, তাৰ ফলত সামাজিক পৰিৱেশ দূষিত হৈছে। কণ কণ শিশুৰ ওপৰত এই শ্ব’টোৱে বেয়া প্ৰভাৱ পেলাইছে।

ব্ৰাহ্মণ মহাসভাৰ অভিযোগ, এইবাৰ বিগ বছত যি বেড পাৰ্টনাৰ দিয়া হৈছে সেয়া সম্পূৰ্ণৰূপে ভাৰতীয় সংস্কৃতিৰ বিপৰীত। এই শ্ব’টোৰ নিৰ্মাতাই হিন্দুস্তানৰ সংস্কৃতি বিকৃত কৰিব বিচাৰিছে।

আচলতে, এইবাৰ ছলমান খানে প্ৰতিযোগীসকলৰ ঘৰত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁৰ বেড ফ্ৰেণ্ড ফৰএভাৰ কোন হ’ব সেয়া নিৰ্ধাৰণ কৰি দিছিল। সেইমতে এইবাৰ এখন বিচনাত দুগৰাকী প্ৰতিযোগী একেলগে শুব। ইফালে, আৰম্ভণিৰে পৰা ‘বিগ বছ ১৩’ত এজন ল’ৰাই এজনী ছোৱালীৰ সৈতে বেড শ্বেয়াৰ কৰি আহিছে। এই ফৰ্মেটটোৰ বিৰোধিতা কৰিছে মানুহে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি