• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Bigg Boss OTT Winner: ২৫ লাখৰ সৈতে দিব্যা আগৰৱালাই পালে 'বিগ বছ অ'টিটি'ৰ পুৰস্কাৰ

Bigg Boss OTT Winner: ২৫ লাখৰ সৈতে দিব্যা আগৰৱালাই পালে 'বিগ বছ অ'টিটি'ৰ পুৰস্কাৰ

শমিতা চেট্টী, ৰাকেশ বাপত, দিব্যা আগৰৱালা, নিশান্ত ভট্ট আৰু প্ৰতীক সহজপালৰ কোনোবা এগৰাকী ফাইনেলত বিগ বছ অ'টিটি জিকিবলৈ সাজু আছিল।

শমিতা চেট্টী, ৰাকেশ বাপত, দিব্যা আগৰৱালা, নিশান্ত ভট্ট আৰু প্ৰতীক সহজপালৰ কোনোবা এগৰাকী ফাইনেলত বিগ বছ অ'টিটি জিকিবলৈ সাজু আছিল।

শমিতা চেট্টী, ৰাকেশ বাপত, দিব্যা আগৰৱালা, নিশান্ত ভট্ট আৰু প্ৰতীক সহজপালৰ কোনোবা এগৰাকী ফাইনেলত বিগ বছ অ'টিটি জিকিবলৈ সাজু আছিল।

  • Share this:

অৱশেষত অন্ত পৰিল এটা কৌতূহলৰ। 'বিগ বছ অ'টিটি'ৰ (Bigg Boss OTT) বিজয়ীৰ নাম ঘোষণা কৰা হৈছে। দিব্যা আগৰৱালা (Divya Agarwal)ক 'বিগ বছ অ'টিটি' পুৰস্কাৰ প্ৰদান কৰা হৈছে। নিশান্ত ফাৰ্ষ্ট ৰানাৰ হয়। দিব্যাই ট্ৰফীৰ লগতে ২৫ লাখ টকাৰ বিজয়ীৰ ধনৰাশি লাভ কৰিছে।


শনিবাৰে অনুষ্ঠিত ফাইনেলত মুঠ ৪গৰাকী প্ৰতিযোগী আছিল– দিব্যা আগৰৱালা, শমিতা, ৰাকেশ আৰু নিশান্ত। প্ৰতীক সহজপাল ২৫ লাখ টকা বিজয়ী হোৱা দৌৰৰ পৰা বাহিৰ হৈছিল। দিব্যাই শমিতা, ৰাকেশ আৰু নিশান্তক পৰাস্ত কৰি এই খিতাপ জয় কৰিছে।


বিগ বছ অ'টিটি যোৱা মাহৰ ৮ আগষ্টত সন্ধিয়া ৮ বজাত আৰম্ভ কৰা হৈছিল। এইটো 'বিগ বছ অ'টিটি'ৰ প্ৰথম ছিজন আছিল। 'বিগ বছ' অনুষ্ঠানটোৰ হোষ্ট অভিনেতা ছলমান খান, ই অতি জনপ্ৰিয় টিভি অনুষ্ঠান। ইয়াৰ অ'টিটি সংস্কৰণটো কৰণ জোহৰে পৰিচালনা কৰিছিল। কৰণ জোহৰ 'ছানডে কে ৱাৰ' খণ্ডত সন্ধিয়া ৮ বজাত আহিছিল, বাকী ৬ দিন সন্ধিয়া ৭ বজালৈকে সম্প্ৰচাৰ কৰা হৈছিল।


উল্লেখ্য দিব্যা এগৰাকী অভিনেত্ৰী আৰু মডেল। তেওঁ 'ৰাগিণী এমএমএছ: ৰিটাৰ্নছ' ৱেবছিৰিজত কাম কৰিছে। তেওঁ বিগ বছৰ প্ৰাক্তন প্ৰতিযোগী প্ৰিয়াংক শৰ্মাৰ সৈতে ৰিলেচনশ্বিপত আছিল। দুয়ো পিছত পৃথক হয়। দুয়োজনৰ বিচ্ছেদ সংবাদ মাধ্যমৰ চৰ্চাত আছিল।











View this post on Instagram






A post shared by Voot (@voot)





নিৰ্মাতাসকলে ইতিমধ্যে সমাপ্তিৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছিল। শমিতা চেট্টী, ৰাকেশ বাপত, দিব্যা আগৰৱালা, নিশান্ত ভট্ট আৰু প্ৰতীক সহজপালৰ কোনোবা এগৰাকী ফাইনেলত বিগ বছ অ'টিটি জিকিবলৈ সাজু আছিল। নিৰ্মাতাসকলে বিগ বছ অ'টিটিৰ গ্ৰেণ্ড ফিনালেৰ কেইবাটাও প্ৰমো মুকলি কৰিছে। Vootৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা এটা নতুন প্ৰমো মুকলি কৰা হৈছে। কৰণ জোহৰ এই প্ৰমো ভিডিঅ'টোত ইয়াৰ পুৰস্কাৰৰ বিষয়ে কৈছে।

Published by:Gautam Barman
First published: