অমিতাভ বচ্চনে কিয় বিয়া পাতিলে জয়াক? বিবাহবাৰ্ষিকীত ৰহস্য ফাদিল কৰিলে বিগ–বিয়ে

পিতৃ হৰিবংশ ৰায় বচ্চনে স্পষ্ট কৰি দিছিল যে অমিতাভ বচ্চনে জয়াৰ সৈতে বিয়াৰ পিছতহে যাব পাৰিব।

news18assam
Updated:June 3, 2019, 4:34 PM IST
অমিতাভ বচ্চনে কিয় বিয়া পাতিলে জয়াক? বিবাহবাৰ্ষিকীত ৰহস্য ফাদিল কৰিলে বিগ–বিয়ে
পিতৃ হৰিবংশ ৰায় বচ্চনে স্পষ্ট কৰি দিছিল যে অমিতাভ বচ্চনে জয়াৰ সৈতে বিয়াৰ পিছতহে যাব পাৰিব।
news18assam
Updated: June 3, 2019, 4:34 PM IST
অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ আজি ৪৬সংখ্যক বিবাহবাৰ্ষিকী। ১৯৭৩ চনৰ ৩ জুনত বিবাহপাশত আবদ্ধ হৈছিল অমিতাভ বচ্চন আৰু জয়া। নিজৰ বিবাহবাৰ্ষিকীত বিগ–বিয়ে স্মৃতি ৰোমন্থন কৰি ক’লে কিয় ১৯৭৩ত বিয়া পাতিছিল। অমিতাভ বচ্চনে কয় যে তেওঁ আৰু জয়া বন্ধুবৰ্গৰ সৈতে ছুটী কটাবলৈ লণ্ডনলৈ যাব বিচাৰিছিল। কিন্তু পিতৃ হৰিবংশ ৰায় বচ্চনে স্পষ্ট কৰি দিছিল যে অমিতাভ বচ্চনে জয়াৰ সৈতে বিয়াৰ পিছতহে যাব পাৰিব। এয়া সেই সময়ৰ কথা যেতিয়া অমিতাভ আৰু জয়াৰ মাজত প্ৰেম হৈছিল।

অমিতাভ বচ্চনে বন্ধুবৰ্গক প্ৰতিশ্ৰুতি দিলে যে যদি ‘জঞ্জীৰ’ হিট হয় তেন্তে লণ্ডন ফুৰাবলৈ নিব। তেওঁ ব্লগত লিখিছে, ‘মই দেউতাক কৈছিলো যে আমাৰ গ্ৰুপ লণ্ডনলৈ যাব। তেওঁ সুধিছিল – কোন কোন যাব? নামবোৰ কৈছিলো য’ত জয়াও আছিল। তেওঁ সুধিলে, ‘জয়াও তোমাৰ সৈতে যাব?’ মই ক’লো – ‘হয়’। তাৰ পিছত দেউতাই ক’লে – ‘বিয়া পাতা, তাৰ পিছত যোৱা।’



নিজৰ ব্লগত অমিতাভ বচ্চনে লিখিছে – ‘মই বিয়াৰ সাজ পিন্ধিছিলো আৰু নিজৰ গাড়ীত বহিছিলো। মালাবাৰ হিলত বিয়া আছিল আৰু মই গাড়ী চলাব বিচাৰিছিলো। কিন্তু মোৰ চালক নাগেশে মোক ড্ৰাইভিং ছীটৰ পৰা আঁতৰাই ক’লে যে মোৰ বিয়াত গাড়ী তেওঁ চলাব। যিটো সেই সময়ত পৰম্পৰাগত ঘোঁৰাৰ বিকল্প আছিল। বিয়া হৈ গ’ল আৰু আমি স্বামী–স্ত্ৰী হ’লো।’ বিগ–বিয়ে কোৱা অনুসৰি বিয়াৰ পিছদিনা নিশাই দুয়ো লণ্ডনলৈ ৰাওনা হৈছিল।

বিবাহবাৰ্ষিকীত পিতৃ–মাতৃক শুভেচ্ছা জনালে পুত্ৰ অভিষেক বচ্চনে। ইনষ্টাগ্ৰামত অভিষেক বচ্চনে শ্বেয়াৰ কৰিছে পিতৃ–মাতৃৰ ফটো।

 




 




View this post on Instagram




 

Happy Anniversary to the parentals! Love you both eternally. #46andcounting


A post shared by Abhishek Bachchan (@bachchan) on




আৰু চাওক পৰৱৰ্তী বাতৰি